গৌৰীপুৰৰ বাঘমাৰাত ছাত্ৰ-ছাত্ৰী, ৰাইজৰ উত্তাল প্ৰতিবাদ

গৌৰীপুৰৰ বাঘমাৰাত ছাত্ৰ-ছাত্ৰী, ৰাইজৰ উত্তাল প্ৰতিবাদ

ধুবুৰী জিলাৰ গৌৰীপুৰৰ বাঘমাৰাত ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰাস্তাৰ মাজত ই-ৰিক্সা পেলাই দি সাব্যস্ত কৰিলে প্ৰতিবাদ। এটা সময়ত ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ফটো ধুই পানী খাইছিল কিছু সংখ্যক ৰাইজে। কিন্তু এই অঞ্চলৰ ৰাইজেই আজি কৰিছে প্ৰতিবাদ। কিয় ক্ষোভিত হল এই অঞ্চলৰ জনতাই ? গৌৰীপুৰ সমষ্টিৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ বাঘমাৰা গাঁৱৰ এগৰাকী প্ৰসূতিয়ে ৰাস্তাত সন্তান প্ৰসৱৰ দুঃসংবাদ মাৰ নৌযাওঁতেই প্ৰতিবাদত নামিল ক্ষুদ্ধ জনতাই। বিধায়ক নিজানুৰ ৰহমানৰ কাম নাই, নিজানুৰ ৰহমান মুৰ্দাবাদ। বদৰুদ্দিন আজমল গো-বেগ, বদৰুদ্দিন আজমল মুৰ্দাবাদ আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে। পাছত সাংসদ, বিধায়ক আৰু ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই হব লক্ষণীয় বিষয়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *