নাজিৰা মেকিপুৰ হাতীপটিত দূৰ্ঘটনা।

নাজিৰা মেকিপুৰ হাতীপটিত দূৰ্ঘটনা।

পুৱতি নিশা প্ৰায় তিনি বজাত হয় দূৰ্ঘটনা।

মেকিপুৰৰ পৰা গেলেকী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এটা পকী পুলত খুন্দা মাৰি এজোপা গছত খুন্দা মাৰে বাইক আৰোহী দুজন।

যাৰ ফলত থিতাতে নিহত হয় গেলেকী ১৭ নম্বৰ লাইনৰ ২২বছৰীয়া যুৱক হৰেণ ছিক।

আৰু আনজন আৰোহী মহেশ গোৱালাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

নিহত হৰেণ ছিকৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহেশ গোৱালাক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দূৰ্ঘটনাগ্ৰস্ত দুয়ো জন বাইক আৰোহী এখন গ্লেমাৰ মটৰ চাইকেল লৈ মেকিপুৰৰ পৰা ঘৰ অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে।

ইতিমধ্যে গেলেকী আৰক্ষী থানাই দূৰ্ঘটনাস্থলীৰ পৰা গ্লেমাৰ মটৰ চাইকেল খন উদ্ধাৰ কৰিছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *