অচিনাক্ত বৃদ্ধক উদ্ধাৰ কৰে কেইজনমান যুৱকে

লিডুত দিশাৰীৰ মহানুভবতা। আজি লিডুৰ ৰেইলৱে কলোনী স্থিত এটা কোৱাটাৰৰ পৰা এজন অচিনাক্ত বৃদ্ধা ৰোগীক উদ্ধাৰ কৰি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।
উল্লেখ্য যে চলিব-ফুৰিব নোৱাৰা এই অচিনাক্ত বৃদ্ধজন বহু দিনৰ পৰাই সেই স্থানটোত পৰি আছিলে। ব্যক্তিজনে নিজৰ পৰিচয় দিয়া তথা নিজৰ সম্পৰ্কে একো নাজানে। স্থানীয় লোকে বৃদ্ধাজনক খোৱা-দোৱাৰ ব্যবস্থা কৰি দিয়াত বৰ্তমান লৈকে ঠিকেই আছিল। কিন্ত দু-দিনৰ পৰা লোকজনৰ অবস্থা একেবাৰে সংকটজনক হোৱাত আজি দিশাৰীৰ কেইজনমান হৃদয়বান সদস্যই ব্যক্তিজনক চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা চিকিৎসালয়ত প্ৰৰণ কৰে।
যদি কোনোবায় ব্যক্তিজনক চিনি পায় তেনে হলে 8402997996/8876108066 নম্বৰত যোগাযোগ কৰিব পাৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *