পৰ্বতঝোৰাত চোৰাং গৰুৰ ছেণ্ডিকেট অব্যাহত

পৰ্বতঝোৰাত চোৰাং গৰুৰ ছেণ্ডিকেট অব্যাহত। চাৰিটা গৰু সহ তিনি সৰবৰাহকাৰীক আটক

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰঙা চকু লৈ কেৰেপ নকৰে চোৰাং গৰু ছেণ্ডিকেটকাৰীয়ে। অসম আৰক্ষী গিজগিজাই থকাৰ সময়তে নিৰ্বিঘ্নে চলাই গৈছে অবৈধ গৰুৰ চোৰাং বেহা।বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ টিপকাই আৰক্ষী চকীৰ শিলভান খেজুৰ বাৰীত চাৰি টাকৈ চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিজনকৈ চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। উল্লেখ্য যে পৰ্বতঝোৰাত ন ন কৌশলৰে অব্যাহত ৰাখিছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা।পৰ্বতঝোৰাৰ ঘন জংঘলৰ মাজেৰে নিতৌ কৌশল সলনিৰে সৰবৰাহ কৰি আহিছে এই চোৰাং গৰুৰ ৰমৰমীয়া বেহা।পৰ্বতঝোৰাত দীৰ্ঘ দিনৰ পৰা চোৰাং গৰুৰ কলা বেহা অব্যাহত থকাৰ সময়তে আজি নিচেই পুৱাতে টিপকাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাধন সৰকাৰৰ নেতৃত্বত এক অভিযান চলাই শিলবান অঞ্চলৰ খেজুৰবাৰীৰ পৰা তিনিটা চোৰাং গৰু সৰবাহকাৰী আটক কৰাৰ লগতে চাৰিটাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। এই অভিযানত দুখন মটৰ চাইকেল জব্দ হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে চোৰাং গৰু চাৰিটা গৌৰীপুৰৰ গোশালা লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *