দক্ষিণ কামৰূপৰ কানহাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা

দক্ষিণ কামৰূপৰ কানহাৰাত ভয়ংকৰ পথ দূৰ্ঘটনা

নম্বৰ বিহীন স্কুটি আৰু মেজিক ভেন গাড়ীৰ মুখামূখী সংঘৰ্ষত আহত
হৈছে দুগৰাকী কিশোৰী

আহত দুজন হৈছে কানহাৰাৰ মমতাজ বেগম আৰু আকলিমা পাৰবীন বুলি জানিব পৰা গৈছে।

আহতদ্বয়ক ততাতিয়াকৈ গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তী কৰোৱা হয় যদিও সংকটজনক অৱস্থাত মমতাজ বেগমক জি এম চি এইচলৈ প্ৰেৰণ কৰে চিকিৎসকে ৷

ইপিনে দূৰ্ঘটনা সংঘটিত কৰিয়ে পলাই যায় মেজিক ভেনৰ চালকজন ৷
জানিব পৰা মতে কিশোৰী দুগৰাকী টুক্ৰাপাৰা আঞ্চলিক ছোৱালী হাইস্কুলত অধ্যয়নত ছাত্ৰী আছিল।

সন্মুখৰ পৰা আহি থকা মেজিক ভেনখনে নিয়ন্ত্ৰণ হেৰাই ছাত্ৰী দুগৰাকীয়ে বহি থকা অৱস্থাত স্কুটিখনত খুন্দিয়াই বুলি জানিব পৰা গৈছে।আৰু আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *