কংগ্ৰেছৰ দূর্গ হিচাপে খ্যাত ৰূপহীহাটত কংগ্ৰেছৰ ব্যাপক খহনীয়া

কংগ্ৰেছৰ দূর্গ হিচাপে খ্যাত ৰূপহীহাটত কংগ্ৰেছৰ ব্যাপক খহনীয়া। ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ ভেটি কপাইছে অসম গণ পৰিষদ দলে। ৰূপহীহাটত এইবাৰ ৰাজনৈতিক পট পৰিৱৰ্তন হ’ব নেকি বিধায়ক নুৰুল হুদাৰ?ৰূপহী হাট সমষ্টিৰ অন্তৰ্গত গড়াজান ফুটালজাৰ গাঁও পঞ্চায়তত অগপৰ বিশাল যোগদান সভা । বিধায়ক নুৰুল হুদাৰ গৃহ সমষ্টিত কংগ্ৰেছ এৰি দলে বলে যোগদান কৰিছে অগপত। বিধায়ক নুৰুল হুদাৰ কাম কাজত অসন্তুষ্ট হৈ প্ৰায় তিনিশ শতাধিক লোকে ৰূপহী হাট সমষ্টিৰ অসম গণ পৰিষদ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিক আৰু উপ সভানেত্ৰী জেচমিন এছমিনৰ উপস্থিতিত অসম গণ পৰিষদ দলত যোগদান কৰে কংগ্ৰেছ কৰ্মীয়ে ।মুখ্য অতিথি হিচাপে ৰূপহী হাট সমষ্টিৰ অসম গণ পৰিষদ দলৰ সভাপতি আবু বক্কৰ ছিদ্দিক আৰু উপ সভাপতিনেত্ৰী জেচমিনৰ লগতে বহু বিশিষ্ট নেতা কৰ্মী উপস্থিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *