ৰাজ্যৰ সৰ্বত্ৰে সোপাধৰাৰ উৰাবাতৰি

টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলে সোপাধৰাৰ উৰা বাতৰিত পতিয়ন নাযাবলৈ সাধাৰণ ৰাইজক আহ্বান জনাই। উল্লেখযোগ্য যে ৰাজ্যৰ সৰ্বত্ৰে সোপাধৰাৰ উৰাবাতৰিয়ে আতংকিত কৰিছে সাধাৰণ ৰাইজক ৷ ডিব্ৰুগড় জিলা টেঙাখাতৰ বহু ভিতৰোৱা অঞ্চলটোত অনুৰূপ ঘটনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷
টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষীনাথ দলে এনে উৰা বাতৰিত পতিয়ন নাযাবলৈ সাধাৰণ ৰাইজক আহ্বান জনায় ৷ যাতে অসমক লজ্জিত কৰা অভি-নীলৰ দৰে ঘটনাৰ পুৰনাবৃত্তি নহয় ৷
এই সন্দৰ্ভত জৰুৰীকালীন অৱস্থাৰ বাবে টেঙাখাত থানাৰ পৰা এটি যোগাযোগৰ ফোন নম্বৰ মুকলি কৰা হৈছে — ৬০২৬৯০১২৭৭।এই নম্বৰত যোগাযোগ কৰি যিকোনো অভিযোগ দিব পাৰিব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *