বিজনীৰ বড়ো বজাৰত জিলা ভিত্তিক অনুষ্ঠান



চিৰাঙত ১৮৪ গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ ধন প্ৰদান

চিৰাং জিলাৰ বিজনী মহকুমাৰ বড়ো বজাৰ  উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভা গৃহত আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত হোৱা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰা হয় | অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা আঁচনি উদ্বোধন সন্দৰ্ভত দিয়া ভাষণ সভাত উপস্থিত থকা ৰাইজে প্ৰত্যক্ষ কৰে | বড়ো বজাৰ জনজাতি খণ্ড উন্নয়ন বিষয়া নিৰ্জয়।

ব্ৰহ্মই পৰিচালনা কৰা অনুষ্ঠানত চিৰাং জিলাৰ উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে মুখ্য অতিথৰূপে উপস্থিত থাকি চিৰাং জিলাত জিলা প্ৰশাসনৰ পৰা জিলা খনত মুঠ ১৮৪  গৰাকী ১৮ ৰ পৰা ৪৫ বছৰ বয়সৰ বিধৱা মহিলাক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ অধীনত বাচনি কৰা হৈছে বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত বিটিচিৰ

সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ সদস্য প্ৰভাত বসুমতাৰী, বিজনী মহকুমা নিৰ্বাচনী বিষয়া মৌচম প্ৰতিম নাথ, চিৰাঙৰ গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা সহ কেবাজনো অতিথি উপৰিও থাকে | জিলা ভিত্তিত আয়োজিত অনুষ্ঠানত তিনি গৰাকী বিধৱা মহিলাক ২৫ হেজাৰ টকাৰ চেক প্ৰদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *