শ্ৰদ্ধাঞ্জলী কাননত নিহাল’ৰ গীত মুকলি

‘দ্য ফেচ্‌’, ‘বহ্নিমান’ আদিৰ দৰে জনপ্ৰিয় অসমীয়া চলচ্ছিত্ৰ উপহাৰ দিয়া প্ৰযোজনা গোষ্ঠী ‘সন্তোষী মা প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত কেবাটাও অসমীয়া গীত দেওবাৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত আনুষ্ঠানিকভাবে মুকলি কৰা হয়৷ ‘সন্তোষী মা প্ৰডাকচন’ৰ হৈ বৰ্ণালী হাজৰিকা আৰু ৰিমি হাজৰিকাই প্ৰযোজনা কৰা ‘আকৌ এবাৰ’, ‘ঠিকনা’, ‘জয় দূৰ্গা মা’ আৰু দুচকু শীৰ্ষক গীতকেইটিত কণ্ঠ নিগৰাইছে নিহাল দাসে৷ সহঃশিল্পী– পাপৰি গগৈ৷ গীতকেইটিৰ সংগীত পৰিচালনা কৰিছে কুলদ্বীপ সুমন, ধ্ৰুৱ ঠাকুৰীয়া আৰু ঋষী বৰুৱাই৷ গীতিকাৰ– সীমান্ত দেৱ চৌধুৰী আৰু ঋষী বৰুৱা৷ মিক্স এণ্ড মাষ্টাৰিং কৰিছে ধ্ৰুৱ ঠাকুৰীয়াই৷ ইপিনে, ‘আকৌ এবাৰ’ আৰু ‘ঠিকনা’ শীৰ্ষক গীতদুটিৰ দৃশ্য-শ্ৰাব্য হিচাপেও মুকলি কৰা হয়৷ উদয় শংকৰ আৰু হিমানীল কাশ্যপে নৃত্য পৰিচালনা কৰা গীতদুটিত অভিনয় কৰিছে ক্ৰমে– ৰিমি হাজৰিকা, গুঞ্জন ভৰদ্বাজ, নিহাল দাস, অলিস্মিতা গোস্বামী আৰু জয়শ্ৰী বৰ্মনে৷ উল্লেখ্য যে, দেওবাৰে শ্ৰদ্ধাঞ্জলি কাননত এক আড়ম্বৰপূৰ্ণ গীত মুকলি অনুষ্ঠানটিত উপস্থিত থাকে জ্যেষ্ঠ শিল্পী খগেন গগৈ, শান্তা উজীৰ ভগৱত প্ৰীতম, ভাৰ্গৱ কাকতী, নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পী পদ্মনাভ বৰদলৈ, মধুস্মিতা ভটাচাৰ্য, ভৃগু কাশ্যপৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *