টি-২০ বিশ্বকাপকলৈ ৱেষ্ট ইণ্ডিজৰ ১৫ জনীয়া দল ঘোষণা

ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ নিৰ্বাচকসকলে আগন্তুক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) পুৰুষ টি-২০ বিশ্বকাপৰ বাবে ৱেষ্ট ইণ্ডিজ দল ঘোষণা কৰিছে। পেনেলে ১৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈ অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া অষ্টম টি-২০ বিশ্বকাপৰ বাবে ১৫ জন খেলুৱৈৰ এখন তালিকা প্ৰকাশ কৰিছে, য’ত আন্দ্ৰে ৰাছেল আৰু সুনীল নাৰিনৰ দৰে ক্ৰিকেটাৰক অন্তৰ্ভুক্ত কৰা হোৱা নাই। ৱেষ্ট ইণ্ডিজ হৈছে একমাত্ৰ দল যিয়ে ২০১২ চনত শ্ৰীলংকাত আৰু ২০১৬ চনত ভাৰতত দুবাৰকৈ টি-২০ বিশ্বকাপ জিকিছিল। বৰ্তমান ৱেষ্ট ইণ্ডিজ দলটোৱে ১৭ অক্টোবৰত বিশ্বকাপৰ বাবে প্ৰথমখন খেল খেলিব। নিকোলাছ পুৰাণ অধিনায়ক হৈ থাকিব, আনহাতে ৰোভমেন পাৱেলক উপ-অধিনায়ক কৰা হৈছে। ইয়াৰ উপৰিও, অপেনাৰ এভিন লুইছকো দললৈ উভতাই অনা হৈছে। দুজন আনকেপড খেলুৱৈ য়ানিক কেৰিয়া আৰু অলৰাউণ্ডাৰ ৰেমন ৰেইফাৰকো বাছনি কৰা হৈছে। চিডব্লিউআইৰ মুখ্য নিৰ্বাচক ড০ ডেচমণ্ড হেইন্সে কয়, ‘আমি ৱেষ্ট ইণ্ডিজক প্ৰতিনিধিত্ব কৰিবলৈ যুৱ আৰু অভিজ্ঞতাৰ মিশ্ৰণ বাছনি কৰিছো। বাছনি প্ৰক্ৰিয়াত, আমি চলিত চিপিএলৰ ওপৰত দৃষ্টি ৰাখিছোঁ আৰু আমি ভাল খেলি থকা খেলুৱৈসকলক স্থান দিবলৈ যত্ন কৰিছোঁ। মই মোৰ কাৰ্যকালৰ আৰম্ভণিতে কৈছিলো যে মই খেলুৱৈসকলক সুযোগ দিবলৈ আগ্ৰহী হ’ম আৰু মই ভাবো মই সেইটো কৰিবলৈ সক্ষম হৈছো। মই ভাবো এইটো এটা ভাল দল।’ উল্লেখ্য যে ৱেষ্ট ইণ্ডিজ আইচিচি টি-২০ বিশ্বকাপ ২০২২ দলটোত আছে-নিকোলাছ পুৰান (অধিনায়ক), ৰোভমেন পাৱেল (উপ-অধিনায়ক), য়ানিক কাৰিয়াহ, জনছন চাৰ্লছ, শ্বেলডন কটৰেল, চিমৰন হেটমেয়াৰ, জেচন হোল্ডাৰ, আকিল হছিন, আলজাৰি জোছেফ, ব্ৰেণ্ডন কিং, এভিন লুইছ, কাইল মেয়াৰ্ছ, ওবেড মেককয়, ৰেমন ৰেইফাৰ, ওডিয়ান স্মিথ। তেওঁলোকৰ মেচ-  অক্টোবৰ ১৭: ৱেষ্ট ইণ্ডিজ বনাম স্কটলেণ্ড। অক্টোবৰ ১৯: ৱেষ্ট ইণ্ডিজ বনাম জিম্বাবোৱে। অক্টোবৰ ২১: ৱেষ্ট ইণ্ডিজ বনাম আয়াৰলেণ্ড।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *