জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ। বিশাল সমদল লৈ ৩১৫ নং ৰাষ্ঠীয় ঘাই পথৰ জাগুন শ্বহীত বেদীৰ কাষত প্ৰতিবাদ। জাগুন দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত প্ৰতিবাদ। জাগুন আৰক্ষী চকীৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সংগঠনটোৰ লগতে প্ৰায় পাঁচ শতাধিক স্থানীয় লোকৰ। ইতিমধ্যে মাৰ্ঘেৰিটা স্থিত কাৰ্যবাহী দণ্ডাধীশ পথ অৱৰোধ স্থলীত উপস্থিত হৈ প্ৰতিবাদ কাৰিৰ স্মাৰক পত্ৰ গ্ৰহণ কৰে আৰু তেওঁলোকৰ দাবী সন্দৰ্ভত অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ
আশ্বাস প্ৰদান কৰাত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ উঠাই লয় যদিও দলং নিৰ্মাণ নকৰা পৰ্য্যন্ত কোনো প্ৰকাৰে ক্ষান্ত থকা নহব বুলি হুংকাৰ প্ৰদান কৰে।