ৰবীন্দ্ৰ ভৱনত  “পথাৰ”ৰ  নাট মেলাত মঞ্চস্থ কৰা হব দৃষ্ট – অদৃষ্ট , ধুমুহা আৰু কেঅ’চ নাট 

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অহা ১৫ আৰু ১৬ জুনত সামাজিক – সাংস্কৃতিক অনুষ্ঠান “পথাৰ”ৰ উদ্যোগত দুদিনীয়াকৈ এখন নাট মেলা অনুষ্ঠিত হব ।  অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় , অইল ইণ্ডিয়া লিমিটেড আৰু গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সহযোগত অনুষ্ঠিত হবলগীয়া নাট মেলাৰ দুয়োদিনতে  তিনিখন নাট মঞ্চস্থ কৰা হব ।  ১৫ জুনত সন্ধিয়া ৬ বজাত অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া তথা অসমৰ ৰাজ্যপালৰ সচিব আৰু নাট্যকাৰ হিচাপেও বিশেষ সুনাম থকা  স্বপ্না দত্ত ডেকাই অসম বুৰঞ্জীৰ এচোৱা ঘটনাবহুল  সময়ৰ  সমান্তৰালকৈ এগৰাকী ৰাণীৰ মৰ্মবেদনা আৰু পিতৃতন্ত্ৰৰ বিৰুদ্ধে বিদ্ৰোহৰ কাহিনীক লৈ ৰচনা কৰা  “দৃষ্ট – অদৃষ্ট নাটখন মঞ্চস্থ কৰা হব । নাটখন পৰিচালনা কৰিব পবিত্ৰ চেতিয়াই আৰু প্ৰযোজনা কৰিব পথাৰ : দুলিয়াজানে । আনহাতে ১৬ জুনত দুখন নাট মঞ্চস্থ কৰা হব । তাৰ ভিতৰত বিশ্ববিখ্যাত নাট্যকাৰ উইলিয়াম চেক্সপীয়েৰৰ “The Tempest” নাটখনৰ ডঃ আনন্দ বৰমুদৈয়ে অসমীয়ালৈ অনুবাদ কৰা “ধুমুহা” নাটখন মঞ্চস্থ কৰা হব । নাটখন পৰিচালনা কৰিব বিৰাজ চুতীয়াই আৰু প্ৰযোজনা কৰিব  ডিব্ৰুগড়ৰ শিল্পশালা , পথাৰে । তাৰ পাছত তৃতীয়খন নাট তথা পৰশজ্যোতি বৰকাকতিৰ পৰিচালনা আৰু পথাৰ , গুৱাহাটীৰ পৰিকল্পনাত “কেঅ’চ” নাটখন মঞ্চস্থ কৰা হব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *