খানামুখত অগপৰ মহিলা বিধান পৰিষদৰ সাংগঠনিক  সভা

অগপৰ পশ্চিম গুৱাহাটী মহিলা বিধান পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা ৯ জুনত খানামুখস্থিত শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অনুষ্ঠিত হৈ যায়   পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে কাৰ্যকৰী সভানেত্ৰী বৰষা নাথ কলিতাই । সভাত পৰিষদৰ  উপ সভানেত্ৰী অজয়া ৰাভা , সম্পাদিকাদ্বয় গীতা মণ্ডল আৰু জোনালী দাস , কোষাধ্যক্ষ ভাৰতী সিং কছাৰী ,  সাংগঠনিক সম্পাদিকা সুচিত্ৰা কলিতাকে ধৰি কেবাজনো কৰ্মকৰ্তা আৰু অগপ দলৰ খানামুখ অঞ্চলৰ  বহু মহিলা  কর্মী  উপস্থিত থাকে । আনহাতে সভাত পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দিয়া নিৰ্দেশনা অনুসৰি সাংগঠনিক দিশত মহিলা সকলক জড়িত কৰা , দৰিদ্ৰ সীমাৰেখাৰ  তলত থকা বা উপাৰ্জনহীন সকলো মহিলাই যাতে অৰুণোদয় আঁচনিকে ধৰি সকলো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰে তাৰ ওপৰত চকু ৰখা ,  গাঁও পঞ্চায়ত , আঞ্চলিক পঞ্চায়তকে ধৰি আগন্তক যিকোনো নিৰ্বাচনত মহিলাৰ বাবে  ৫০ শতাংশ আসন সংৰক্ষিত কৰা , চৰকাৰী আঁচনি সমূহ ৰাইজৰ মাজলৈ লৈ যোৱা , বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি প্ৰত্যেক পৰিয়ালৰ চোতাললৈ অগপ দলটোৰ নীতি – আদৰ্শ লৈ যোৱা আদিৰ ওপৰত বিশদ মত  – বিনিময় কৰা হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *