পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা পাল চাৰক ৰাইজে দিলে এসেকা

বিশ্বনাথত শিক্ষকৰ বিলৈ। পলমকৈ বিদ্যালয়ত উপস্থিত হোৱা পাল চাৰক ৰাইজে দিলে এসেকা।



বিশ্বনাথ জিলাৰ বিশ্বনাথ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ১নং শামুকজুলি প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বিপ্লৱ পাল। পাল চাৰৰ দিন বেয়া আছিল।দীৰ্ঘদিন ধৰি বিদ্যালয়ত নিয়মীয়াভাৱে উপস্থিত নথকাৰ লগতে বহু পলমকৈ উপস্থিত হয় বিদ্যালয়ত।ৰাইজে বাৰম্বাৰ সময়মতে বিদ্যালয়ত উপস্থিত হবলৈ অননয় বিনয় কৰিছিল যদিও ৰাইজৰ অনুৰোধক গুৰুত্ব প্ৰদান কৰা নাই পাল চাৰে।যাৰ বাবে শুকুৰবাৰে ১১বজাত পাল চাৰ বিদ্যালয়লৈ আহি থকা অৱস্থাত ৰাইজে আগভেটি ধৰি উভতাই দিয়ে পাল চাৰক। লগে উক্ত স্থানত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত সংবাদ মাধ্যমৰ লোকক দেখি তৰা নৰা চিঙি পাল চাৰে মাৰিলে দৌৰ । পিছে সাংবাদিকে পলমকৈ উপস্থিত হোৱা পাল চাৰক প্ৰশ্ন কৰাত মুখ খোলাৰ পৰা বিৰত থাকে পাল চাৰ। এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ ব্যাগোম শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ব্যৱস্থা গ্ৰহণ কৰাব পাৰিব নে এই গৰাকী শিক্ষকৰ বিৰুদ্ধে???

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *