সৰভোগৰ জামাদাৰবড়ী গাৱত এগৰাকী মহিলা নিৰুদেশৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে

সৰভোগৰ জামাদাৰবড়ী গাৱত এগৰাকী মহিলা নিৰুদেশৰ ঘটনাই চাঞ্চল্য বিৰাজ কৰিছে।

এটাৰ পিছত আন এটাকৈ নিৰুদেশৰ ঘটনা সংঘটিত হৈ আছে এইখন অসমতে ।

যোৱা ১৫ আগষ্ট স্বাধীনতা দিৱসৰ দিনটোতে সৰভোগৰ জামাদাৰবড়ী গাৱৰ মৃত আফতাৰ আলীৰ পত্নী ছকিনা খাতুন নিজ ঘৰৰ পৰা নিৰুদেশ হয় ।

ছকিনা খাতুনৰ বয়স প্ৰায় ৪৪ বছৰ আৰু চাৰি সন্তানৰ মাতৃ। ৰাতিপুৱা পাচ বজাৰ পৰা নিখোজ হৈ আছে ছকিনা খাতুনে। পিন্ধনত শাৰী কাপোৰ আৰু গাৰ বৰণ শ্যামলা ।

জানিব পৰা মতে ছকিনা খাতুনে মানসিক বেমাৰত আক্ৰান্ত হৈ আছে আৰু দীৰ্ঘদিনৰ পৰা চিকিৎসা কৰাৰ পিছতো ভাল কৰিব পৰা নাই ।

যোৱা বানপানী সময়ছোৱাত ছকিনা খাতুন নিখোজ হৈছিল যদিও পৰিয়াল গাৱৰ মানুহে বিচাৰি উলিয়াইছিল। কিন্তু এইবাৰ নিৰুদেশ হোৱা ছয় দিন উকলি গল । চাৰিওফালে বিচাৰ খবৰ কৰি এতিয়ালৈকে সন্ধান পোৱা নাই ছকিনা খাতুনৰ

কোনো ব্যক্তিয়ে যদি এই মহিলাগৰাকীৰ সন্ধান পায় সৰভোগ থানা নাইবা পৰিয়ালৰ মোবাইল ফোন নম্বৰ 6900537745 যোগাযোগ কৰিবলৈ কাতৰ বাবে আহ্বান জনায়।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *