উই ফাউণ্ডেচনে আপাৰ আছাম পেট্ৰ’ ক’ক প্ৰাইভেট লিমিটেড (ইউএপিচি), মাৰ্ঘেৰিটা পৌৰসভা আৰু ডিএৱাই-এনইউএলএম অসমৰ সহযোগত “আত্মশক্তি” প্ৰকল্প আৰম্ভ কৰিছে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাবত ১৪০০ কিশোৰী আৰু আত্ম-সহায়ক গোটৰ মহিলাৰ বাবে ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা অভিযানৰ প্ৰয়াস কৰা হৈছে।

আত্মশক্তি প্ৰকল্পৰ লক্ষ্য হৈছে ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতা সৃষ্টি কৰা আৰু ‘পিৰিয়ড’ নিষেধাজ্ঞা ভংগ কৰা। ১৪০০ গৰাকী ছোৱালী আৰু মহিলাৰ প্ৰতিগৰাকীকে পাঁচ মাহৰ বাবে প্ৰিমিয়াম চেনিটেৰী নেপকিন আই-শ্বাইনৰ পাঁচ পেকেট বিতৰণ কৰা হ’ব যাতে তেওঁলোকে ঋতুস্ৰাৱৰ সময়ত লেতেৰা কাপোৰৰ পৰিৱৰ্তে চেনিটেৰী নেপকিন ব্যৱহাৰ কৰাত অভ্যস্ত হৈ পৰে। প্ৰকল্প “আত্মশক্তি”ৰ উদ্দেশ্য হৈছে বিশেষকৈ কম আয় বা দৰিদ্ৰ পৰিয়ালৰ লোকসকলৰ বাবে সুলভ মূল্যৰ ঋতুস্ৰাৱৰ সামগ্ৰীৰ সুবিধাৰ অভাৱ দূৰ কৰা আৰু অতিৰিক্ত পেকেটসমূহ জমা কৰি ৰখা আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে সজাগতো বিয়পোৱা। এই পদক্ষেপৰ সহায়ত ১০টা আত্মসহায়ক গোটৰ মাজত অভ্যাস সলনি কৰি ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সজাগতা বৃদ্ধি কৰা, কিশোৰ-কিশোৰী আৰু মহিলাসকলক দৈনন্দিন জীৱনত ব্যাঘাত জন্মাব নোৱাৰাকৈ মৰ্যাদাসহকাৰে ঋতুস্ৰাৱক পৰিচালিত কৰিবলৈ শক্তিশালী বা ক্ষমতা প্ৰদান কৰা।

এই পদক্ষেপৰ বিষয়ে উই ফাউণ্ডেশ্যনৰ সঞ্চালিকা নৱনীতা বেনাৰ্জীয়ে কয় যে, “উই ফাউণ্ডেচনে মাৰ্ঘেৰিটাৰ কিশোৰী আৰু মহিলাসকলক ঋতুস্ৰাৱৰ সময়ত উন্নত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা উপহাৰ দিয়াৰ লগতে নিজৰ আচৰণত স্পষ্টকৈ পৰিস্ফুট হোৱা পৰিৱৰ্তন আনিবলৈ এক আশাৰ ডেউকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।”