অন কেমেৰাতে সংজ্ঞাহীন হৈ পৰিল মৈৰাবাৰীৰ অংনবাদী কৰ্মী

অন কেমেৰাতে সংজ্ঞাহীন হৈ পৰিল মৈৰাবাৰীৰ অংনবাদী কৰ্মী।
মৈৰাবাৰীত অংগনবাড়ী কৰ্মীসকলৰ ছয়মহীয়া প্ৰশিক্ষণ বয়কট, ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা সময়তে সংগঠিত হৈছে এই ঘটনা।

মৰিগাঁও জিলাৰ মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ অংগনবাড়ী কৰ্মীসকলে আজি মৈৰাবাৰী নিউ হাইস্কুল চৌহদত অৱস্থিত অংনবাদী কেন্দ্ৰত চলি থকা ছমহীয়া প্ৰশিক্ষণ বয়কট
কৰি প্ৰাপ্য মজুৰিৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে দুখত ভাগি পৰে এইগৰাকী অংনবাদী কৰ্মী।

চৰকাৰে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা বৰ্দ্ধিত কৰিব লাগে, কৰ্মী সকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰিব লাগে , চাকৰি নিয়মীয়া কৰণ কৰিব লাগে, অন্যান্য ৰাজ্যৰ লেখীয়াকৈ অংগনবাড়ী গৃহ নিৰ্মাণ কৰা, কৰ্মী সকলক বোনাচ প্ৰদান কৰা আদি শ্লোগানেৰে আকাশ বতাহ কপাই তুলি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে উৰ্দ্ধতন কৰ্তৃপক্ষক কেইবালানি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে মূখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে অংগনবাড়ী কৰ্মীসকলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *