ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল ভাৰতীয় দল ছিংগাপুৰলৈ ৰাওনা

33

ছিংগাপুৰৰ লায়ন চিটি ক্লাবত ২১-২৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ৱৰ্ল্ড পেয়াৰ্ছ ল’নবল প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দলটো আজি ছিংগাপুৰ অভিমুখে ৰাওনা হয়।

দলটোৰ খেলুৱৈসকল হ’ল- নয়নমণি শইকীয়া, বংগিতা হাজৰিকা, পুতুল সোণোৱাল, দীপাংকৰ শৰ্মা, স্কিয়ন শিৱ মহন্ত, ছানজিঅ পাণ্ডে, কৰীণা পাটোৱাৰী আৰু শ্বেইষ্টা শৰ্মা।

দলটোৰ মেনেজাৰৰ দায়িত্বত আছে অংশুমান দত্ত।