সমাগত টি-২০ বিশ্বকাপৰ বাবে বাংলাদেশৰ ভৱিষ্যত নিৰ্ধাৰণ হ’ব অহা বুধবাৰে। ভাৰতত ক্ৰিকেট মেচ নেখেলো বুলি লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত নিজৰ চূড়ান্ত স্থিতি জনাবলৈ বাংলাদেশ ক্ৰিকেট ব’ৰ্ডক চৰম সময়সীমা বান্ধি দিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আই চি চি)। ভাৰতত নিৰাপত্তাজনিত কাৰণত নেখেলো বুলি জনোৱা বাংলাদেশৰ স্থিতিৰ বিপৰীতে আই চি চিয়ে এতিয়া বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকি দিছে। আই চি চিৰ এই কঠোৰ স্থিতিৰ পাছতে বাংলাদেশ ক্ৰিকেট ব’ৰ্ড তীব্ৰ চাপৰ মুখত পৰিছে। এই অচলৱস্থা দূৰ কৰিবলৈ যোৱা শনিবাৰে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সৈতে আই চি চিৰ প্ৰতিনিধি দলৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বাংলাদেশ ব’ৰ্ডে তেওঁলোকক অন্য এটা গ্ৰুপলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিছিল যদিও আই চি চিয়ে ইয়াত সহাঁৰি জনোৱা নাই। অন্য দলসমূহেও এই সন্দৰ্ভত সন্মতি দিয়া নাই।
আই চি চিৰ তৰফৰ পৰা জনোৱা হৈছে যে বাংলাদেশে যদি বিশ্বকাপ বৰ্জন কৰে, তেন্তে তেওঁলোকে বৃহৎ শাস্তিৰ সন্মুখীন হ’ব লাগিব। বাংলাদেশ ক্ৰিকেটৰ আয়ৰ মূল উৎস হৈছে আই চি চি, সেয়েহে আই চি চিৰ সৈতে হোৱা সংঘাতৰ ফলত তেওঁলোক বিপদত পৰাৰ সম্ভাৱনা আছে।ইফালে, এই সমস্যা সমাধানৰ বাবে বাংলাদেশে বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ পাকিস্তানৰ কাষ চাপিছে। আই চি চিৰ চেয়াৰমেন জয় শ্বাহৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডেও বিশ্বকাপ বৰ্জনৰ ভাবুকি দিছে। বাংলাদেশে নিজৰ সিদ্ধান্তত অটল থাকিলে তেওঁলোকৰ বিকল্প দল হিচাপে স্কটলেণ্ডক অন্তৰ্ভুক্ত কৰা হ’ব পাৰে। অহা বুধবাৰে জয় শ্বাহে এই গোটেই বিষয়টোত কেনেধৰণৰ সিদ্ধান্ত লয়, সেয়া লক্ষণীয় হ’ব।
