নিম্নমানৰ চাহৰ আমদানিয়ে সৃষ্টি কৰা তীব্ৰ শংকাৰ মাজতে দেশৰ চাহ উদ্যোগৰ সুৰক্ষাৰ বাবে চাহ ব’ৰ্ডে জাৰি কৰিছে এক কঠোৰ নিৰ্দেশনাৱলী। চলিত ২০২৫ বৰ্ষত কেনিয়া, নেপাল, ইৰাণ আৰু ভিয়েটনামৰ পৰা প্ৰায় ৩৯ নিযুত কিলোগ্ৰাম নিম্নমানৰ চাহ ভাৰতত প্ৰৱেশ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ আমদানি কৰা এনে চাহক ‘ভাৰতীয় মূলৰ চাহ’ বুলি ভুৱা পৰিচয়েৰে পুনৰ ৰপ্তানি কৰি দেশৰ চাহৰ বিশ্বজোৰা সুনাম নষ্ট কৰাৰ যি কুচক্ৰ চলিছে, তাক প্ৰতিহত কৰিবলৈ এতিয়াৰে পৰা প্ৰতিটো আমদানি কাৰ্যত চাহ ব’ৰ্ডৰ তীক্ষ্ণ নজৰ থাকিব।
গুৱাহাটী চাহ নিলাম ক্ৰেতা সংস্থাৰ সম্পাদক দিনেশ বিহাৰীয়ে এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়, “নিম্নমানৰ আমদানিকৃত চাহক ‘ভাৰতীয় মূলৰ চাহ’ হিচাপে পুনৰ ৰপ্তানি কৰা কাৰ্যই ভাৰতৰ ব্ৰেণ্ড ভেল্যুৰ অপূৰণীয় ক্ষতি কৰিব পাৰে।” তথ্য অনুসৰি, ২০২৩ বৰ্ষত আমদানিকৃত চাহৰ পৰিমাণ আছিল ২৩.৬৫ নিযুত কিলোগ্ৰাম, যিটো ২০২৫ বৰ্ষত ৩৯ নিযুত কিলোগ্ৰামলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত কেনিয়াৰ পৰা ১৪ নিযুত কিলোগ্ৰাম আৰু নেপালৰ পৰা ১১ নিযুত কিলোগ্ৰাম চাহ অতি কম দামত আমদানি কৰা হৈছে।
চাহ ব’ৰ্ডে প্ৰস্তুত কৰা নতুন এছঅ’পি অনুসৰি, এতিয়াৰে পৰা আমদানিকাৰীসকলে চাহৰ আগমন, গুদাম, কন্টেইনাৰৰ সংখ্যা আৰু আনুষঙ্গিক সকলো তথ্য নিৰ্ধাৰিত ফৰ্মেটত জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। আমদানি কৰা প্ৰতিটো বেচৰ পৰা চাহ ব’ৰ্ডৰ বিষয়াই নমুনা সংগ্ৰহ কৰি এন এ বি এল স্বীকৃত গৱেষণাগাৰত পৰীক্ষা কৰিব। পৰীক্ষাৰ চূড়ান্ত প্ৰমাণপত্ৰ লাভ নকৰালৈকে কোনো আমদানিকৃত চাহ দেশৰ বজাৰত বিক্ৰী বা পুনৰ ৰপ্তানি কৰিব নোৱাৰিব।
ইফালে, সংসদীয় স্থায়ী সমিতিয়েও বৰ্ধিত আমদানি আৰু অপমিশ্ৰণৰ বিৰুদ্ধে কঠোৰ নিৰীক্ষণৰ পৰামৰ্শ দিছে। নতুন নিয়ম অনুসৰি, যদি ভাৰতীয় চাহৰ সৈতে আমদানিকৃত চাহ মিশ্ৰণ কৰি ৰপ্তানি কৰা হয়, তেন্তে পেকেজিঙৰ লগতে সকলো চৰকাৰী নথি-পত্ৰত সেই কথা স্পষ্টকৈ উল্লেখ কৰিব লাগিব। লগতে, ৰপ্তানিৰ উদ্দেশ্যে আমদানি কৰা চাহ ছয় মাহৰ ভিতৰত ৰপ্তানি কৰাটো বাধ্যতামূলক কৰা হৈছে। চাহ ব’ৰ্ডৰ এই কঠোৰ স্থিতিয়ে ভাৰতীয় চাহৰ গুণগত মান আৰু গ্ৰাহকৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰখাত সহায় কৰিব বুলি আশা কৰা হৈছে।
