বিলাসীপাৰা ৰেলৱে ষ্টেচনত নিৰ্মীয়মাণ পানীৰ টেংকি খহি দুজন শ্ৰমিকৰ মৃত্যু; আহত ৪

নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ প্ৰকাণ্ড পানীৰ টেংকি খহি কৰুণ মৃত্যুক সাৱটি লয় দুজন শ্ৰমিকে। ধুবুৰী জিলাৰ বিলাসীপাৰা ৰে’লৱে ষ্টেচনত সংঘটিত এই মৰ্মান্তিক ঘটনাত আন চাৰিজন শ্ৰমিকো গুৰুতৰভাৱে আহত হয়। নিহত শ্ৰমিক দুজনক চাইদাল ইছলাম (৩০) আৰু চিদ্দিক আলী বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, ৰেলৱে ষ্টেচনটোত পানীৰ টেংকি প্ৰকল্পৰ মেৰামতিৰ কাম কৰি থকাৰ সময়তে এই অঘটন ঘটে। ছয়জন শ্ৰমিকে কাম কৰি থকা অৱস্থাতে হঠাৎ সমগ্ৰ গাঁথনিটো খহি পৰে আৰু ইয়াৰ তলত চেপা খাই দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হয়। ঘটনাৰ লগে লগে স্থানীয় ৰাইজ আৰু কৰ্তৃপক্ষই আহত শ্ৰমিকসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ স্থানীয় হাস্পতাললৈ প্ৰেৰণ কৰে।

নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰৰ চৰম গাফিলতিৰ বাবেই এই কৰুণ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ আৰু পুংখানুপুংখ তদন্ত চলাই দোষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ একাংশ লোকে দাবী জনায়। ইয়াৰ উপৰিও, ভুক্তভোগী পৰিয়ালসমূহক ২০ লাখ টকাকৈ উপযুক্ত আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ স্থানীয় বাসিন্দা আৰু থলুৱা সংগঠনে চৰকাৰক আহ্বান জনাইছে।

ইতিমধ্যে আৰক্ষী আৰু ৰেলৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। টেংকিটো ভাঙি পৰাৰ প্ৰকৃত কাৰণ আৰু কাৰিকৰী ত্ৰুতিসমূহ ধৰা পেলাবলৈ বিভাগীয়ভাৱে এক তদন্ত আৰম্ভ কৰা হৈছে।

By Paromita

Leave a Reply

Your email address will not be published. Required fields are marked *