পুনৰ দেশত ৰেল দুৰ্ঘটনা: ঝাৰখণ্ডত দুজন যাত্ৰীৰ মৃত্যু

238

ঝাৰখণ্ডৰ চেৰাইকেলা-খাৰচাৱান জিলাত মঙলবাৰে পুৱা মুম্বাই-হাওৰা মেইল ৰেলখন দুৰ্ঘটনাত পতিত হয়। যাৰ ফলত দুজন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে পাঁচজন আহত হয়।ৰেলৱেৰ এজন জ্যেষ্ঠ বিষয়াই মৃত্যুৰ কথা নিশ্চিত কৰিছে। আহতসকলৰ এজনৰ অৱস্থা সংকটজনক। প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছিল যে ছয়জন লোক আহত হৈছিল।

পুৱা ৪.৪৫ বজাত বাদাবাম্বুৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। ঠাইখন জামছেদপুৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত আৰু দক্ষিণ পূব ৰেল’ৱেৰ চক্ৰধৰপুৰ বিভাগৰ অন্তৰ্গত। হাওৰা-মুম্বাই মেইল এক্সপ্ৰেছৰ ডবা লাইনচ্যুত হোৱাৰ পিছত ইয়াৰ কাষত ৰখাই থোৱা এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয়।

যিখন ৰেলৰ ডবা লাইনচ্যুত হয় তাৰ নাম হাওৰা-চিএছএমটি এক্সপ্ৰেছ।ৰেলৰ সংখ্যা ১২৮১০। দুৰ্ঘটনাটোৰ বাবে, কিছু ৰেল আন পথলৈও পৰিৱৰ্তন কৰা হৈছে।