কংগ্ৰেছ নেতা পৱন খেড়াৰ বিপদ ঘনীভূত হৈছে। খেড়াৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই দাখিল কৰা মানহানিৰ গোচৰত খেড়াই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আৱেদন দাখিল কৰিছিল।কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতাৰ জামিন আবেদন নাকচ কৰে। কংগ্ৰেছ নেতাগৰাকী এতিয়া গ্ৰেপ্তাৰৰ ভাবুকিৰ সন্মুখীন হৈছে।
২১ এপ্ৰিলত এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ পিছত উচ্চ ন্যায়ালয়ে নিজৰ ৰায় সংৰক্ষণ ৰাখিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অসম আৰক্ষীৰ অপৰাধ শাখাত দাখিল কৰা এফআইআৰ সন্দৰ্ভত পৱন খেড়াই আগতীয়া জামিন বিচাৰিছিল। খেড়াই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰত একাধিক পাছপ’ৰ্ট আৰু সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল।
গুৱাহাটী অপৰাধ শাখা আৰক্ষী থানাত ১৭৫ (নিৰ্বাচনৰ সন্দৰ্ভত ভুৱা বক্তব্য দিয়া), ৩৫, ৩৬, ৩১৮ (প্ৰতাৰণা), ৩৩৮ (মূল্যবান উইল, নিৰাপত্তা আদি জাল কৰা), ৩৩৭ (আদালতৰ ৰেকৰ্ড বা ৰাজহুৱা পঞ্জী জাল কৰা), ৩৪০ (জাল নথি বা বৈদ্যুতিন অভিলেখ বনাই আচল হিচাপে ব্যৱহাৰ কৰা), ৩৫২ (শান্তি ভংগ কৰাৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), আৰু ৩৫৬ (মানহানি) আইপিচিৰ আধাৰত গোচৰ ৰুজু হৈছে।
