ভাৰতীয় বেডমিণ্টনৰ এটা যুগৰ অৱসান! অৱশেষত খেলপথাৰক বিদায় জনালে তাৰকা খেলুৱৈ ছাইনা নেহৱালে

ভাৰতীয় ক্ৰীড়া জগতৰ এক গৌৰৱময় ইতিহাসৰ সাক্ষী হৈ ৰোৱা ছাইনা নেহৱালে অৱশেষত ক’ৰ্টৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ কথা ঘোষণা কৰিছে। দীর্ঘদিন ধৰি আঁঠুৰ আঘাতৰ সৈতে যুঁজি থকাৰ পিছত ৩৫ বছৰীয়া এই তাৰকা খেলুৱৈগৰাকীয়ে নিজৰ শৰীৰৰ বৰ্তমানৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ এক পডকাষ্টত নিজৰ অৱসৰৰ ইংগিত দি ছাইনাই কয় যে তেওঁৰ শৰীৰে এতিয়া আৰু পূৰ্বৰ দৰে প্ৰশিক্ষণৰ বোজা ল’ব নোৱাৰে। বিশেষকৈ আঁঠুৰ গুৰুতৰ সমস্যাৰ বাবে উচ্চ পৰ্যায়ৰ খেলত অংশ লোৱাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিছে। ক’ৰ্টৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত আৱেগিক হৈ তেওঁ কয়, মই নিজৰ চৰ্তত খেলিবলৈ আৰম্ভ কৰিছিলোঁ আৰু এতিয়া নিজৰ চৰ্ততেই বিদায় লৈছোঁ। উল্লেখ্য যে ছাইনাই ২০২৩ চনতে কেৰিয়াৰৰ অন্তিমখন মেচ খেলিছিল।

২০১২ চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰা ছাইনা নেহৱালেই আছিল অলিম্পিকৰ মঞ্চত বেডমিণ্টনত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয়। কেৱল অলিম্পিকেই নহয়, কমনৱেলথ গেমছত তিনিটাকৈ স্বৰ্ণ পদকসহ বিশ্ব চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছতো তেওঁ দেশৰ বাবে বহু সন্মান কঢ়িয়াই আনিছিল। ২০১৫ চনত বিশ্ব বেডমিণ্টন ৰেংকিঙৰ শীৰ্ষস্থান দখল কৰা ছাইনাৰ সাফল্যই ভাৰতীয় বেডমিণ্টনক বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় দিছিল। ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ছাইনাক অৰ্জুন বঁটা, মেজৰ ধ্যানচান্দ খেলৰত্ন, পদ্মশ্ৰী আৰু পদ্মভূষণৰ দৰে দেশৰ শীৰ্ষ অসামৰিক সন্মানেৰে বিভূষিত কৰা হৈছে। ছাইনাৰ অৱসৰৰ লগে লগে ভাৰতীয় বেডমিণ্টনৰ এক স্বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটিল। খেলুৱৈ হিচাপে বিদায় ল’লেও অনাগত দিনত তেওঁ নতুন প্ৰজন্মৰ বাবে এক চিৰকালৰ অনুপ্ৰেৰণা হৈ ৰ’ব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *