পাকিস্তান-চৌদি আৰবৰ মাজত প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰ

বুধবাৰে চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এক চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিক কৌশলগত পাৰস্পৰিক প্ৰতিৰক্ষা চুক্তি বুলি কোৱা হৈছে। এই চুক্তিৰ অধীনত যিকোনো এখন দেশৰ ওপৰত যিকোনো আক্ৰমণক দুয়োখন দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব।

এই চুক্তি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ চৌদি আৰৱ ভ্ৰমণৰ সময়ত কৰা হয়। ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে ৰিয়াধৰ আল-য়ামামা পেলেচত শ্বাহবাজ শ্বৰীফক আদৰণি জনায়। বৈঠকত দুয়োগৰাকী নেতাই তেওঁলোকৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে।

পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে-দুয়োখন দেশৰ মাজত প্ৰায় ৮০ বছৰীয়া সম্পৰ্ক আছে, যিটো ভাতৃত্ববোধ, ইছলামিক সংহতি আৰু কৌশলগত সহযোগিতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, এই চুক্তিৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি আৰু অঞ্চলটোত শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰা।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *