গোৱালপাৰাৰ ভূগৰ্ভত বিৰল প্ৰজাতিৰ মাছৰ সন্ধান; ৰাজ্যৰ জৈৱ-বৈচিত্ৰ্যক লৈ উৎসাহিত মুখ্যমন্ত্রী

গোৱালপাৰা জিলাৰ ভূগৰ্ভস্থ জলৰাশিত এক বিৰল প্ৰজাতিৰ মাছৰ সন্ধান পোৱা গৈছে। এই আৱিষ্কাৰক ৰাজ্যখনৰ চহকী আৰু এতিয়াও অন্বেষণ নোহোৱা জৈৱ-বৈচিত্ৰ্যৰ এক উল্লেখযোগ্য নিদৰ্শন বুলি অভিহিত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে সামাজিক মাধ্যম ‘এক্স’ত এক পোষ্ট কৰি তেওঁ এই ঘটনাক অত্যন্ত আকৰ্ষণীয় বুলি বৰ্ণনা কৰাৰ লগতে অসমৰ প্ৰকৃতিৰ বুকুত লুকাই থকা অপৰিসীম সম্পদৰ কথা দোহাৰে।

গৱেষণাৰ সৈতে জড়িত বিজ্ঞানী আৰু গৱেষকৰ দলটোক অভিনন্দন জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “ছেনকেনবাৰ্গ, অসম ডন বস্কো বিশ্ববিদ্যালয়, ধনমঞ্জুৰী বিশ্ববিদ্যালয় আৰু অন্যান্য গৱেষণা প্ৰতিষ্ঠানৰ গবেষকসকলে কৰা এই কাম সঁচাকৈয়ে প্ৰশংসনীয়।” উত্তৰ-পূবৰ জৈৱ-বৈচিত্ৰ্যৰ ক্ষেত্ৰত এনে গৱেষণামূলক কাৰ্যই এক নতুন মাত্ৰা প্ৰদান কৰা বুলিও তেওঁ মন্তব্য কৰে। প্ৰণিধানযোগ্য যে ভাৰতৰ ভূগৰ্ভস্থ জলজ পৰিৱেশ তন্ত্ৰ এতিয়াও গৱেষণাৰ এক সীমিত ক্ষেত্ৰ হৈয়ে আছে। দীৰ্ঘদিন ধৰি অন্ধকাৰ আৰু সীমিত খাদ্যৰ মাজত পৃথিৱীৰ উপৰিভাগৰ পৰা বিচ্ছিন্ন হৈ থকাৰ বাবে এনে মাছৰ গাৰ বৰণ, দৃষ্টিশক্তি আৰু সংবেদনশীল অংগসমূহৰ গঠন স্বাভাৱিকতকৈ পৃথক হয়। গোৱালপাৰাৰ এই আৱিষ্কাৰে অঞ্চলটোৰ মাটিৰ তলত এক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ সক্ৰিয় হৈ থকাৰ সম্ভাৱনাকো অধিক প্ৰকট কৰি তুলিছে।

বিজ্ঞানীসকলৰ মতে ভূগৰ্ভস্থ নিৰ্মল পানীৰ উৎসসমূহ প্ৰদূষণ আৰু অত্যধিক পানী নিষ্কাশনৰ পৰা সুৰক্ষিত কৰি ৰখাটো অতি জৰুৰী। এনে বিৰল প্ৰজাতিৰ মাছসমূহ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ প্ৰতি অত্যন্ত সংবেদনশীল হোৱা দেখা যায়। নতুনকৈ উদ্ধাৰ হোৱা মাছবিধৰ বংশগতি আৰু বসতিস্থলৰ ওপৰত অধিক তথ্য জানিবলৈ বৰ্তমান গৱেষকৰ দলটোৱে চলাই আছে বিশেষ পৰীক্ষা-নিৰীক্ষা। উল্লেখ্য যে অসমৰ বননি, জলাশয় আৰু নদীসমূহৰ জৈৱ-বৈচিত্ৰ্যই ইতিমধ্যে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। শেহতীয়া এই আৱিষ্কাৰে আন্তঃৰাষ্ট্ৰীয় গৱেষণা সংস্থাসমূহৰ মাজত অসমক লৈ অধিক আগ্ৰহ বৃদ্ধি কৰিব বুলি বিশেষজ্ঞ মহলে আশা ব্যক্ত কৰে। ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ভূগৰ্ভস্থ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ এক নতুন পথ মুকলি হ’ব বুলিও অনুমান কৰা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *