‘ছলভ ফৰ টুমৰু’ কাৰ্যসূচীৰ সম্প্ৰসাৰণ ছেমছাঙৰ, অনুদানৰ পৰিমাণ ২ কোটি টকালৈ বৃদ্ধি

ছেমছাঙে সমগ্ৰ ভাৰতৰ যুৱ উদ্ভাৱকসকলক বাস্তৱ জগতৰ প্ৰত্যাহ্বানসমূহৰ বাবে প্ৰযুক্তি-চালিত সমাধান বিকশিত কৰিবলৈ উৎসাহিত কৰাৰ লক্ষ্যৰে নিজৰ ধ্বজাবাহী উদ্ভাৱন আৰু শিক্ষা কাৰ্যসূচী ‘ছেমছাং ছলভ ফৰ টুমৰু’ৰ পঞ্চম সংস্কৰণ মুকলি কৰিছে। ২০২৬ চনৰ সংস্কৰণৰ এই কাৰ্যসূচীত শীৰ্ষ চাৰিটা বিজয়ী দলক ২ কোটি টকাৰ ইনকিউবেচন অনুদান আগবঢ়োৱাৰ লগতে আইআইটি দিল্লীত ইনকিউবেচন সহায় আগবঢ়োৱা হ’ব। ১৪ৰ পৰা ২২ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীয়ে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন প্ৰক্ৰিয়া ৭ মে’ৰ পৰা ৩ জুলাইলৈকে মুকলি থাকিব।

ছেমছাঙে কয় যে অংশগ্ৰহণকাৰীসকলে চাৰিটা থিমৰ অধীনত ধাৰণা বা আৰ্হি দাখিল কৰিব পাৰিব — ভাৰতৰ বাবে এআই, স্বাস্থ্য আৰু শিক্ষা, পৰিৱেশ বহনক্ষমতা, আৰু ক্ৰীড়া আৰু প্ৰযুক্তি। ছমাহৰ এই কাৰ্যসূচীত মেণ্টৰশ্বিপ, প্ৰট’টাইপিং সহায়, বিনিয়োগকাৰী সংযোগ, ৱৰ্কশ্বপ আৰু ২,৪০,০০০ ঘণ্টাতকৈও অধিক প্ৰশিক্ষণ প্ৰদান কৰিব। ছেমছাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে কয় যে, ভাৰতত ৩০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰতিষ্ঠানটোৱে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত এই কাৰ্যসূচীৰ প্ৰসাৰ সম্প্ৰসাৰণ কৰিছে। ভাৰত চৰকাৰ আৰু আইআইটি দিল্লীৰ জ্যেষ্ঠ বিষয়াসকলেও এই পদক্ষেপক সমৰ্থন কৰি ভাৰতৰ সমৃদ্ধিত যুৱক-যুৱতীৰ নেতৃত্বত উদ্ভাৱনৰ ভূমিকাক আলোকপাত কৰে।

এই পদক্ষেপৰ গাঁথনি অনুসৰি শীৰ্ষ ৪০টা দলে ৮ লাখ টকা আৰু ছেমছাং লেপটপ লাভ কৰাৰ লগতে শীৰ্ষ ২০টা দলে ২০ লাখ টকা আৰু ছেমছাং গেলেক্সি জেড ফ্লিপ স্মাৰ্টফোন লাভ কৰিব। গুৱাহাটী বৰ্তমান প্ৰযুক্তি শিক্ষা, উদ্ভাৱন আৰু উদ্যোগীকৰণৰ এক অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে। এনে পৰিপ্ৰেক্ষিতত এই কাৰ্যসূচীয়ে পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰী আৰু ষ্টাৰ্টআপসমূহক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। এই পদক্ষেপে গুৱাহাটীৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰিব। ইয়াৰ জৰিয়তে যুৱ উদ্ভাৱকসকলে উপযুক্ত মেণ্টৰশ্বিপ, পুঁজিৰ সুবিধা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন মঞ্চ লাভ কৰিবলৈ সক্ষম হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *