মহানগৰীত সংগীতা-ৱালিউল কাণ্ডৰ পুনৰাবৃত্তি! বক্স পালেঙৰ ভিতৰৰ পৰা উদ্ধাৰ বন কৰা কিশোৰী

পুনৰ এবাৰ পোহৰলৈ আহিল মহানগৰীৰ আভিজাত্যৰ আঁৰত লুকাই থকা এক অমানৱীয় আৰু নিষ্ঠুৰ নিৰ্যাতনৰ কৰুণ ছবি। সংগীতা-ৱালিউল কাণ্ডৰ দৰেই অনুৰূপ শিশু নিৰ্যাতনৰ কাণ্ড পুনৰ সংঘটিত মহানগৰীত। এইবাৰৰ স্থান পাঞ্জাবাৰীৰ জুৰিপাৰ। এগৰাকী কিশোৰীক বক্স পালেঙৰ ভিতৰত আৱদ্ধ কৰি ৰাখি চলোৱা পাশৱিক অত্যাচাৰে এতিয়া সভ্য সমাজৰ বিবেকক জোকাৰি গৈছে। চুবুৰীয়াৰ ধাৰাবাহিক অভিযোগৰ পাছত দিছপুৰ আৰক্ষীয়ে চলোৱা এক অতি গোপনীয় অভিযানে পোহৰলৈ আনিছে এগৰাকী শিক্ষিত মহিলাৰ ঘৰত চলি থকা শৈশৱৰ এক যন্ত্ৰণাদায়ক অধ্যায়।

ঘটনাৰ বিৱৰণ অনুসৰি, পাঞ্জাবাৰীৰ জুৰিপাৰৰ এটা বাসগৃহত এগৰাকী কিশোৰীক দীৰ্ঘদিন ধৰি আৱদ্ধ কৰি ৰখা হৈছিল। অৰিনা লস্কৰ খাতুন নামৰ এগৰাকী অভিযন্তাৰ ঘৰত ঘৰুৱা বনকৰা হিচাপে থকা এই কিশোৰীগৰাকীক বিচনাৰ বক্সৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে। অভিযানৰ সময়ত অভিযুক্ত মহিলাই কিশোৰীগৰাকীক দেউতাকৰ ওচৰলৈ পঠাই দিয়া বুলি মিছা তথ্য দি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তীক্ষ্ণ দৃষ্টিত বিচনাৰ ভিতৰত থকা গোপন কক্ষটো ধৰা পৰে।

উদ্ধাৰ হোৱাৰ সময়ত দহ বছৰীয়া কিশোৰীগৰাকী চৰম আতংক আৰু মানসিক আঘাতৰ কৱলত আছিল। বিগত চাৰি বছৰ ধৰি তীব্ৰ শাৰীৰিক নিৰ্যাতন সহ্য কৰি অহা

কিশোৰীগৰাকীয়ে জনোৱা মতে, সামান্য ভুলতে তেওঁৰ ওপৰত চলোৱা হৈছিল অমানুষিক অত্যাচাৰ। বৰ্তমান দিছপুৰ আৰক্ষীয়ে অভিযুক্ত অৰিনা লস্কৰৰ বিৰুদ্ধে পক্স’ আইনৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। কিশোৰীগৰাকীক বৰ্তমান এখন চৰকাৰী আশ্ৰয় কেন্দ্ৰত চিকিৎসা আৰু মানসিক পৰামৰ্শৰ বাবে ভৰ্তি কৰোৱা হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *