কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ সংঘাত অব্যাহত থকাৰ মাজতে আমেৰিকাই আজি দিলে এক অভূতপূৰ্ব মোৰ। আমেৰিকা আৰু ভাৰতৰ মাজত সম্পন্ন হোৱা নতুন বাণিজ্যিক চুক্তিৰ এক আনুষ্ঠানিক মানচিত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে প্ৰদৰ্শন কৰাৰ পাছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰি কৰা এই বিশেষ নক্সাত কোনো ধৰণৰ নিয়ন্ত্ৰণ ৰেখা অথবা বিবাদিত অঞ্চলৰ অস্তিত্ব ৰখা হোৱা নাই।
এই পদক্ষেপৰ জৰিয়তে ৱাশ্বিংটনে এতিয়া পাকিস্তানৰ অবৈধ দখলক পোনপটীয়াভাৱে অস্বীকাৰ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতিহে সমৰ্থন আগবঢ়াইছে। আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰই নিজৰ চৰকাৰী মানচিত্ৰত পিঅ’কে আৰু গিলগিট-বাল্টিস্তানক ভাৰতৰ অখণ্ড অংগ হিচাপে দেখুওৱাটোৱে পাকিস্তানৰ বাবে এক ডাঙৰ কূটনৈতিক পৰাজয় কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে, আমেৰিকান উৎপাদিত সামগ্ৰীৰ বাবে ভাৰতত নতুন বজাৰ মুকলি কৰাৰ তথ্য দাঙি ধৰিবলৈ যাওঁতেই এই মানচিত্ৰখন ব্যৱহাৰ কৰা হয়। ইমান দিনে কাশ্মীৰ ইছ্যুতো নিৰপেক্ষ স্থিতি বজাই ৰখা আমেৰিকাৰ এই পৰিৱৰ্তনে এতিয়া দক্ষিণ এছিয়াৰ ভূ-ৰাজনীতিত নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে। ভাৰতে সদায় সমগ্ৰ জম্মু-কাশ্মীৰক নিজৰ অংগ বুলি দাবী কৰি অহাৰ সময়তে আমেৰিকাৰ এই কাৰ্যই নতুন দিল্লীৰ স্থিতিক আন্তঃৰাষ্ট্ৰীয় মঞ্চত অধিক সবল কৰি তুলিছে। পাকিস্তানে এতিয়াও এই বিষয়ত আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ইছলামাবাদত ইয়াৰ তীব্ৰ প্ৰভাৱ পৰিছে।
