মৌলানাৰ সৈতে ফটো বিতৰ্কঃ পৱন খেৰাক প্ৰত্যাহ্বান জনাই তৰুণ গগৈৰ প্ৰসংগ মুখ্যমন্ত্ৰীৰ

এগৰাকী মৌলানাৰ সৈতে থকা এখন আলোকচিত্ৰক লৈ কংগ্ৰেছ নেতা পৱন খেৰাই কৰা ছ’চিয়েল মিডিয়া পোষ্টৰ আজি তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে গুৱাহাটীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মৌলানাৰ সৈতে তেওঁৰ বহু ফটো আছে আৰু যদি পৱন খেৰাক লাগে, তেন্তে তেওঁ তেনে ধৰণৰ আৰু ফটো যোগান ধৰিব পাৰে। ৰাজহুৱা জীৱনত ধৰ্মীয় নেতাসকলক সাক্ষাৎ কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰি তেওঁ এই সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিৰ ওপৰতহে ওলোটাই প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰা মতে, যিগৰাকী মৌলানাৰ সৈতে তেওঁৰ ফটো ভাইৰেল কৰা হৈছে, সেই একেগৰাকী মৌলানাই পূৰ্বৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈকো সাক্ষাৎ কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়, “মই মৌলানাৰ সৈতে ফটো তুলিলে যদি আপত্তি থাকে, তেন্তে কংগ্ৰেছে অস্বীকাৰ কৰিব পাৰিবনে যে একেগৰাকী মৌলানাই তৰুণ গগৈক সাক্ষাৎ কৰা নাছিল?” কংগ্ৰেছৰ শাসনকালত ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধিসকলৰ সৈতে এনে বৈঠক এক নিয়মীয়া কাৰ্যসূচী আছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছৰ মাজত আৰম্ভ হোৱা এই বাকযুদ্ধই এতিয়া তীব্ৰ ৰাজনৈতিক মাত্ৰা লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে কংগ্ৰেছে এতিয়া কেৱল নিৰ্বাচিতভাৱে এনে ইছ্যু উত্থাপন কৰি মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব বিচাৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *