মিছৌৰীত ভয়ংকৰ বিমান দুৰ্ঘটনা, জ্বলি ছাৰখাৰ যাত্ৰীবাহী বিমান

আন্তঃৰাষ্ট্ৰীয় ডেস্ক: পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিছৌৰী ৰাজ্যত সংঘটিত এই দুৰ্ঘটনাত তৎমুহূৰ্ততে জ্বলি ছাৰখাৰ হৈ পৰে এখন যাত্ৰীবাহী বিমান। দুৰ্ঘটনাৰ পিছতেই অঞ্চলটোত সৃষ্টি হয় তীব্ৰ চাঞ্চল্য।

প্ৰাথমিক তথ্য অনুসৰি, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত জৰুৰীকালীন উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি, দুৰ্ঘটনাটোত কমেও ১২ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে কৰ্তৃপক্ষই।

দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। বিমানখন কেনেদৰে দুৰ্ঘটনাগ্ৰস্ত হ’ল সেয়া তদন্তৰ অন্তৰ্গত বুলি জানিবলৈ দিয়ে সংশ্লিষ্ট বিষয়াসকলে। ইতিমধ্যে বিমান দুৰ্ঘটনাক লৈ তদন্ত আৰম্ভ কৰা হৈছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *