পাকিস্তানত ভয়ানক পৰিস্থিতি

পাকিস্তানত বাৰিষাৰ বৰষুণে লৈছে বিধ্বংসী ৰূপ ৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এই পৰ্যন্ত পাকিস্তানত বৰষুণৰ ফলত ২০২ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৯৬ জন শিশু। শিশুৰ মৃত্যুৱে পৰিস্থিতিৰ ভয়াৱহতা আৰু অধিক বৃদ্ধি কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি, খাইবাৰ পখতুনখোৱাত ৪০ জন, সিন্ধত ২১ জন, বেলুচিস্তানত ১৬ জন লোকৰ মৃত্যু হৈছে। ইছলামবাগ আৰু প’কত এজনকৈ লোকৰ মৃত্যু হৈছে। ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষত পুত খাই ১১৮ জন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় জৰুৰীকালীন অভিযান কেন্দ্ৰই সমগ্ৰ দেশৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে , যিটো ২৫ জুলাইলৈকে কাৰ্যকৰী হ’ব।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *