চৰ্চাত থকা জনপ্ৰিয় নেতা ৰাঘৱ চাদ্দাই পুনৰবাৰ চৰ্চা লাভ কৰিছে

শেহতীয়াকৈ দেশৰ জনতাৰ স্বাৰ্থত সংসদত সবল কণ্ঠৰে সংবাদ চৰ্চাত থকা জনপ্ৰিয় নেতা ৰাঘৱ চাদ্দাই পুনৰবাৰ চৰ্চা লাভ কৰিছে ৷ সদনৰ মজিয়াত নিতৌ নতুন বিষয়ত মাত মতাৰ বাবে এইবেলি ৰাঘৱৰ নাম চৰ্চালৈ অহা নাই ৷ৰাঘৱ চাদ্দাক পদৰ পৰা অপসাৰণ কৰাটো বৃহস্পতিবাৰৰ দিনটোত দেশৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে । বিগত কিছুদিন ধৰি দলৰ ভিতৰচ’ৰাত ভিন্ন বিষয়ত চাদ্দাৰ সক্ৰিয় ভূমিকাক লৈ বহু প্ৰশ্নও উত্থাপন হৈছে ।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে দলৰ তাৰকা প্ৰচাৰকৰ তালিকাৰ পৰা ৰাঘৱ চাদ্দাৰ নাম বাদ পৰিছিল ৷ সেই বিষয়টোৱেও যথেষ্ট চৰ্চা লাভ কৰিছিল । বৰ্তমান সংসদীয় দলত চাদ্দাক পদৰ পৰা আঁতৰ কৰাটোও সেই ধাৰাৰে অংশ বুলি গণ্য কৰা হৈছে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *