ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ মৰ্যাদা আৰু সন্মানক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনাই সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে। নতুন নিয়ম অনুসৰি, যিকোনো চৰকাৰী অনুষ্ঠান, চৰকাৰী বিদ্যালয়ৰ কাৰ্যসূচী বা আনুষ্ঠানিক সভাবোৰত ‘বন্দে মাতৰম’ পৰিৱেশন কৰাৰ সময়ত উপস্থিত সকলো লোক থিয় হোৱাটো বাধ্যতামূলক কৰা হৈছে।
দেশপ্ৰেমৰ ভাৱধাৰা সুদৃঢ় কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ ঠিক পাছতেই ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ বজোৱা হ’ব। গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে চৰকাৰী কাৰ্যসূচীত এই নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব যদিও চিনেমা হ’লৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। অৰ্থাৎ চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে ‘বন্দে মাতৰম’ বজোৱা বা দৰ্শক থিয় হোৱাটো বাধ্যতামূলক নহয়।
পূৰ্বতে চিনেমা হলত ৰাষ্ট্ৰীয় সংগীতক লৈ সৃষ্টি হোৱা বিতৰ্ক আৰু আইনী জটিলতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে ৰাজহুৱা মনোৰঞ্জনৰ স্থানসমূহক এই নতুন নিৰ্দেশনাৰ পৰা আঁতৰত ৰাখিছে। ১৮৭৫ চনত বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰচনা কৰা এই গীতটিক লৈ এতিয়া পুনৰ ৰাজনৈতিক যুদ্ধ আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত এই সন্দৰ্ভত এক উত্তপ্ত ভাষণ প্ৰদান কৰি কয় যে কংগ্ৰেছ দলে মুছলিম লীগৰ ওচৰত আঁঠু লৈ ‘বন্দে মাতৰম’ক টুকুৰা-টুকুৰ কৰিছিল। ১৯৩৭ চনত জৱাহৰলাল নেহৰুৱে মুছলমানসকলৰ অসন্তুষ্টিৰ দোহাই দি গীতটোৰ চাৰিটা স্তৱক কৰ্তন কৰাৰ সিদ্ধান্তক প্ৰধানমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰে। আনহাতে, কংগ্ৰেছে চৰকাৰৰ এই পদক্ষেপক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছে। বৰ্তমান গীতটোৰ মাত্ৰ প্ৰথম দুটা স্তৱকহে ৰাষ্ট্ৰীয় গীত হিচাপে গোৱা হয়, য’ত হিন্দু দেৱী দুৰ্গাৰ উল্লেখ থকা অংশসমূহ বাদ দিয়া হৈছে।
