বাংগালুৰুত ৰহস্যজনক মৃত্যু অসমৰ ৪ মিচিং যুৱকৰ

কৰ্মসংস্থাপনৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুৰ বলি হ’ল অসমৰ চাৰিজনীয়া এটা শ্ৰমিকৰ দল। কৰ্ণাটকৰ বেংগালুৰুত সংঘটিত এই শোকাৱহ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ থকা কোঠাতেই মৃত অৱস্থাত উদ্ধাৰ হোৱা এই চাৰিওগৰাকী যুৱক মিচিং জনগোষ্ঠীৰ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱককেইজনৰ ঘৰ লক্ষীমপুৰ জিলাত। ইয়াৰে তিনিজন ক্ৰমে নৰেন্দ্ৰ টাইড, ধনঞ্জয় টাইড আৰু ডক্টৰ টাইড নামনি বৰচামুখৰ বাসিন্দা হোৱাৰ বিপৰীতে আনজন যুৱকৰ ঘৰ শালমাৰাত বুলি জানিব পৰা গৈছে। চতুৰ্থগৰাকী যুৱকৰ পৰিচয় এতিয়ালৈকে নিশ্চিত হোৱা নাই যদিও তেওঁলোকৰ এনে আকস্মিক মৃত্যুৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত আছে।

এই স্পৰ্শকাতৰ বিষয়টোক লৈ ইতিমধ্যে অসম চৰকাৰে তীব্ৰ তৎপৰতা প্ৰদৰ্শন কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে অসম আৰক্ষীক বেংগালুৰুৰ আৰক্ষী কমিছনাৰৰ সৈতে যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰি, আজি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত আলোচনাত মিলিত হ’ব মুখ্যমন্ত্ৰী শৰ্মা। চৰকাৰে মৃতদেহকেইটা স-সন্মানে নিজ গৃহলৈ ঘূৰাই আনিবলৈও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ বিশেষ শাখাৰ ডিআইজি ৰত্না সিঙক বেংগালুৰুৰ পৰা মৃতদেহকেইটা অসমলৈ অনাৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বৰ্তমান লৈকে এই মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তৰ পিছতহে সত্য পোহৰলৈ আহিব।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *