জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ দীৰ্ঘম্যাদী বৈদ্যুতিক পৰিবহণ ৰণনীতিক অধিক শক্তিশালী কৰি এমজি এডাপ্ট মুকলি কৰিছে। এই এডাপ্ট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি নিউ এনাৰ্জী ভেহিকল (এনইভি) প্লেটফৰ্ম, যাক এক বুদ্ধিদীপ্ত আৰ্হিৰ সহায়ত ইলেকট্ৰিক বাহন (ইভি), হাইব্ৰিড ইলেকট্ৰিক বাহন (এইছইভই), প্লাগ-ইন হাইব্ৰিড ইলেকট্ৰিক বাহন (পিএইছইভি) আৰু ৰেঞ্জ এক্সটেণ্ডাৰ ইলেকট্ৰিক বাহন (আৰইইভি) চলোৱাৰ বাবে প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰি কোম্পানীটোৱে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত এই প্লেটফৰ্মৰ আধাৰত নিৰ্মিত এখন ইভি আৰু এখন পিএইছইভি বজাৰত মুকলি কৰাৰ পৰিকল্পনা ঘোষণা কৰিছে, যাৰ ফলত ভৱিষ্যতৰ সামগ্ৰীৰ তালিকাখন অধিক ডাঙৰ-বিস্তৃত হ’ব।
এটা মড্যুলাৰ আৰ্হি হিচাপে বিকশিত কৰা এমজি এডাপ্ট-এ এক সুকীয়া হাইব্ৰিড ইঞ্জিন, এটা সুকীয়া বেটাৰী চিষ্টেম, ভাৰতৰ প্ৰথমটো ১০-ইন-১ ইনটেলিজেণ্ট ইলেকট্ৰিক ড্ৰাইভ ইউনিট আৰু বিশ্বৰ প্ৰথমটো ইলেক্ট্ৰ’মেগ্নেটিক ডেডিকেটেড হাইব্ৰিড ট্ৰেন্সমিচনক একত্ৰিত কৰে। এক বুদ্ধিদীপ্ত শক্তি ব্যৱস্থাপনা পদ্ধতিয়ে চাৰিটা ড্ৰাইভ ম’ড— পিউৰ ইলেকট্ৰিক ড্ৰাইভ, চিৰিজ হাইব্ৰিড ড্ৰাইভ, পেৰেলেল হাইব্ৰিড ড্ৰাইভ আৰু ইঞ্জিন ডাইৰেক্ট ড্ৰাইভৰ জৰিয়তে বাহনখনৰ কাৰ্যক্ষমতা অহৰহ উন্নত কৰি ৰাখে। ই বাহনৰ একাদিক্ৰমে চলিব পৰা দূৰত্ব, দ্ৰুত-চাৰ্জিং ক্ষমতা, ইন্ধনৰ ৰাহি, সুৰক্ষা আৰু সামগ্ৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰে। এই প্লেটফৰ্মটোৱে আৰইইভি প্ৰযুক্তিও সমৰ্থন কৰে, যিয়ে প্ৰথমে ইলেকট্ৰিক ম’ডত গাড়ী চলোৱাৰ অনুভৱ দিয়ে আৰু ইয়াত থকা পেট্ৰ’ল ইঞ্জিনটোৱে কেৱল ড্ৰাইভিং ৰেঞ্জ বৃদ্ধি কৰিবলৈ বেটাৰী জেনেৰেটৰ হিচাপে কাম কৰে। প্ৰবন্ধ সঞ্চালক অনুৰাগ মেহৰোট্ৰাই এই বিষয়ে কয় যে, এমজি এডাপ্ট কোম্পানীটোৰ নিউ এনাৰ্জী ভেহিকল যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ই ভৱিষ্যতৰ সামগ্ৰীসমূহৰ বাবে প্ৰযুক্তিগত মেৰুদণ্ড হিচাপে কাম কৰিব। ইয়াৰ ফলত গ্ৰাহকসকলে বাহনৰ কাৰ্যক্ষমতা বা ড্ৰাইভিং অভিজ্ঞতাৰ সৈতে আপোচ নকৰাকৈ নিজৰ পছন্দৰ শক্তিৰ বিকল্প বাছনি কৰাৰ অধিক সুবিধা পাব।
এই নতুন শুভাৰম্ভণিয়ে অসমৰ ক্ৰমবৰ্ধমান নতুন শক্তি বাহনৰ বজাৰত যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে, য’ত স্বচ্ছ পৰিবহণ ব্যৱস্থাৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ ক্ৰেতাসকলে এই প্লেটফৰ্মৰ বিভিন্ন পাৱাৰট্ৰেইন বিকল্পৰ পৰা লাভৱান হ’ব পাৰিব, বিশেষকৈ হাইব্ৰিড আৰু ৰেঞ্জ-এক্সটেণ্ডাৰ প্ৰযুক্তিৰ পৰা, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব। সমগ্ৰ অঞ্চলটোত চাৰ্জিং আন্তঃগাঁথনি লাহে লাহে সম্প্ৰসাৰিত হোৱাৰ লগে লগে, এমজি-ৰ এই নমনীয় এনইভি ৰণকৌশলে প্ৰিমিয়াম বাহনৰ খণ্ডত প্ৰতিযোগিতা শক্তিশালী কৰাৰ লগতে গ্ৰাহকৰ পচন্দৰ পৰিসৰো বহল কৰাৰ সম্ভাৱনা আছে।
