কৃষ্ণাইত নাহৰফুটুকীৰ ছাল আৰু হাড় জব্দ! তিনি সৰবৰাহকাৰী গ্ৰেপ্তাৰ

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ (ডব্লিউ চি চি বি) অভিযানে এক বৃহৎ সফলতা লাভ কৰে। অভিযানকাৰী দলে নাহৰফুটুকী বাঘৰ ছাল আৰু কিছুমান হাড় জব্দ কৰাৰ লগতে এই অপৰাধৰ সৈতে জড়িত তিনিজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, কালি সন্ধিয়া প্ৰায় ৫ বজাত বনপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ আৰু কৃষ্ণাই কেন্দ্ৰীয় বনাঞ্চল কাৰ্যালয়ে এক গোপন সূত্ৰৰ আধাৰত কৃষ্ণাইৰ পাইকানৰ মাদাপাৰাত ২১১ নং ৰাষ্ট্ৰীয় পথৰ কাষত খাপ পিটি আছিল। কিছু সময়ৰ পাছতে তিনিজন যুৱকে বস্তাৰ টোপোলা লৈ ৰাষ্ট্ৰীয় পথেৰে আহি থকা অৱস্থাত বনৰক্ষী বাহিনীয়ে তেওঁলোকক ঘেৰাও কৰি টোপোলাটোত তালাচী চলায়। তালাচীত এটা নাহৰফুটুকী বাঘৰ ছাল আৰু কেতবোৰ হাড় উদ্ধাৰ হয়।

আটক কৰা যুৱক তিনিজন হ’ল পাইকান মাদাপাৰাৰ বাকছেন মাৰাক (৩৩), পাইকান দ্বিতীয় খণ্ডৰ মণিকুল ইছলাম (৩৮) আৰু জানিক আলী (৪২)। ধৃত যুৱককেইজনে এই সামগ্ৰীসমূহ মেঘালয়ৰ টিক্ৰিকিলাৰ এজন লোকৰ পৰা ক্ৰয় কৰি আনি এজন গ্ৰাহকক বিক্ৰী কৰিবলৈ পাইকানলৈ আহিছিল বুলি জানিবলৈ দিয়ে। আজি বন বিভাগে ধৃত লোক তিনিজনক গোৱালপাৰা জিলা আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁলোকক পুনৰ পাঁচ দিনৰ বাবে নিজৰ জিম্মাত লয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *