সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ  অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ  বিলুপ্তিপ্ৰায় প্ৰজাতিৰ  কলা ৰঙৰ ভালুকৰ বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী জোন ৰাভাই। জানিব পৰা মতে ৰাণী সংৰক্ষিত বনাঞ্চলৰ  কিছু নিলগৰ বিক্ৰমপুৰৰ  বাসিন্দা তথা এটা  টেলিভিছন চেনেলৰ জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে তেওঁ মাজে সময়ে ঘৰৰ ওচৰতে থকা ৰাণী সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন অৰণ্যত বাতৰি সংগ্ৰহৰ লগতে জীৱ জন্তু নিৰীক্ষণৰ বাবে অৰণ্যত ঘূৰি ফুৰা কাৰ্য এটা অভ্যাসত পৰিণত হৈছিল। এদিন জয়পুৰ বনগাঁৱৰ গাঁওবুঢ়া হেমন্ত কে মাৰাকে তেওঁক জনাই যে সেই অৰণ্যত কলা ভালুক আছে বুলি সৰুতে তেওঁলোকে শুনিছিল।

আনকি পুৰণি মানুহখিনীয়ে অৰণ্যত গৰু –  ছাগলী আনিবলৈ যাওঁতে কলা ৰঙৰ ভালুক প্ৰত্যক্ষ কৰিছিল । সেই কথাৰ আঁত ধৰি প্ৰায় তিনিমাহমান পূৰ্বে এজোপা গছত পৰীক্ষামূলক ভাৱে এটা ট্ৰেপ কেমেৰা সংস্থাপন কৰে। অবশেষত কিছুদিন  আগতে সেই কেমেৰাত এটা  কলা ৰঙৰ ভালুক বিচৰণ কৰা আৰু ভালুকটোৱে  এটা নিজৰাত পানী খোৱা দৃশ্য সেই কেমেৰাত বন্দী হয়। এই কথাই তেওঁক বহু আনন্দিত কৰে আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী পৰ্টেললৈ প্ৰেৰণ কৰে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে শনিবাৰে ৰাণী সংৰক্ষিত বনাঞ্চলত  কলা ৰঙৰ ভালুকৰ বিচৰণৰ ভি ডি অ’ শ্বেয়াৰ কৰে। একেদৰে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীকে ধৰি বন বিভাগৰ চৰকাৰী পৰ্টেলটো বিলুপ্তপ্ৰায় প্ৰজাতিৰ বগা মুখৰ কলা ৰঙৰ ভালুকৰ বিচৰণৰ দৃশ্য শ্বেয়াৰ কৰা হয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে তেওঁ ২০২৫ চনৰ জানুৱাৰী মাহত ৰাণী সংৰক্ষিত বনাঞ্চলৰ ওখ গছত বিলুপ্তপ্ৰায় প্ৰজাতিৰ টুপীমূৰীয়া বান্দৰৰ জাক এটা প্রত্যক্ষ কৰিছিল । স্বাভাৱিকতে  দীঘল নেজৰ প্ৰায় ৩০টা টুপীমূৰীয়া বান্দৰৰ জাক গছৰ ওপৰত প্ৰত্যক্ষ কৰি অভিভূত হোৱাৰ পাছত বিষয়টো তেওঁ ৰাণীৰ আঞ্চলিক বন  বিষয়া ৰোজী বৰ্মনকো অৱগত কৰিছিল। উল্লেখ্য, অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ লগতে দক্ষিণ-পূব এছিয়াৰ বিভিন্ন দেশত সম্প্রতি অতি সীমিত সংখ্যকহে আছে দীঘল নেজ, থকা  টুপীমূৰীয়া বান্দৰ।  দীৰ্ঘ প্ৰতীক্ষাৰ অন্ততঃ সেই  প্ৰজাতিৰ বান্দৰৰ জাক প্ৰত্যক্ষ  কৰাৰ লগতে  ম’বাইল ফোনৰ কেমেৰাৰে ফটো তুলিবলৈ  সক্ষম হৈছিল।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *