কেওঁটকুছি মজলীয়া বিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস

41

বৰপেটা শিক্ষাখন্ডৰ বাৰাদি মন্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত কেওঁটকুছি মজলীয়া বিদ্যালয়ত যোগ দিৱস পালন কৰা হয়  ৷ যোগ দিৱস উপলক্ষে বাৰাদি মন্ডল সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক কনজিৎ কুমাৰ দাসে অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক যোগৰ দ্বাৰা যে বিভিন্ন ৰোগৰ পৰা উপশম পাব পাৰি আৰু প্ৰাচীন কালৰ পৰাই যে ঋষি মুনি সকলে যোগ অভ্যাসৰ দ্বাৰা তেওঁলোকে শৰীৰ সম্পৰ্কে যত্ন লৈছিল সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায়৷

ছাত্ৰ ছাত্ৰীক যোগ অভ্যাসৰ দ্বাৰা নিজৰ চৰিত্ৰ গঠনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ তেওঁ আৰু কয় যে ,আমাৰ সমাজত সুস্বাস্থ্য আৰু মানসিক স্থিতিশীলতা অতি প্ৰয়োজনীয়।যোগাভ্যাসৰ জৰিয়তে আমি ইয়াক সুনিশ্চিত কৰিব পাৰোঁ যোগাভ্যাসৰ উপকাৰিতা আৰু ইয়াৰ দৈনন্দিন জীৱনত প্ৰয়োগ বিষয়ে লোকক সজাগ কৰি তোলা হৈছে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰতি আগ্ৰহী কৰিব বুলি আশা কৰে ৷