অৱশেষত ঘোষণা হ’ল বি পি এফৰ বহু প্ৰত্যাশিত প্ৰাৰ্থী তালিকা। বৃহস্পতিবাৰে নিশা কোকৰাঝাৰস্থিত দলীয় কাৰ্যালয়ত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১১ জনীয়া এই চূড়ান্ত তালিকা প্ৰকাশ কৰে। এন ডি এৰ অংশীদাৰ হিচাপে ১৫ খন আসনৰ ভিতৰত ১১ খন লাভ কৰা দলটোৱে এইবাৰ কেইবাজনো জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰিছে।
প্ৰাৰ্থী তালিকা ঘোষণা কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, “প্ৰমীলা ৰাণী বাইদেউক টিকট দিব পৰা হ’লে সঁচাকৈয়ে ভাল আছিল। কিন্তু দলীয় সিদ্ধান্ত মৰ্মে আমি কিছুমান জ্যেষ্ঠ নেতাক এইবাৰ বাদ দিব লগা হৈছে। টিকট নোপোৱাসকলে যাতে আৱেগিক হৈ দলত্যাগ নকৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ।”
তেওঁ লগতে কয়, “বি টি চিত আমাৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰা কোনো দল নাই। ইউ পি পি এল বা কংগ্ৰেছ আমাৰ চিন্তাৰ বিষয় নহয়। এন ডি এ হিচাপে আমি ১৫ খন আসনৰ আটাইকেইখনতে জয়লাভ কৰিম বুলি আশাবাদী।” ঘোষিত তালিকা অনুসৰি, কোকৰাঝাৰ সমষ্টিত হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীক প্ৰক্ষেপ কৰা হৈছে। আনহাতে গোসাঁইগাঁৱত শোভাৰাম বসুমতাৰী, দোতয়াত ৰবিৰাম নাৰ্জাৰী, বাওখুংগ্ৰীত ৰূপম ৰায়, পৰ্বতঝোৰাত ডঃ ৰেজাউল কৰিম আৰু ছিদলী-ছিৰাঙত পানীৰাম ব্ৰহ্মই প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি মনেশ্বৰ ব্ৰহ্ম, মহেশ্বৰ বড়ো, ৰিহন দৈমাৰী আৰু চৰণ বড়োকো দলটোৱে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰিছে।
উল্লেখ্য যে, বি টি চিৰ বাহিৰত এইবাৰ বি পি এফে কোনো প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলি মহিলাৰীয়ে স্পষ্ট কৰি দিছে। টিকট লাভ কৰা প্ৰাৰ্থীসকলক শুকুৰবাৰৰ ভিতৰতে মনোনয়ন দাখিল কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বিজেপি নেতৃত্বই ১১ খন আসন এৰি দিয়াৰ বাবেও তেওঁ মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
