দেশৰ দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া(এইচএমএছআই)ই ভাৰতৰ প্ৰাণৱন্ত পূব ভাৰতত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জনৰ সাফল্যৰ কথা ঘোষণা কৰিছে। ধাৰাবাহিকভাৱে সেৱাৰ মান বৃদ্ধি কৰি এইচএমএছআইয়ে পূব ভাৰতত ৮ মিলিয়ন বাহন বিক্ৰী কৰাৰ উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰিছে, যিয়ে অঞ্চলটোৰ দুচকীয়া বাহন ক্ৰেতাৰ বাবে অনুকূল পছন্দ হিচাপে নিজৰ স্থিতি পুনৰ সুদৃঢ় কৰিছে।

এই সাফল্যই বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে ৰাজ্যৰে গঠিত ভাৰতৰ পূব অঞ্চলৰ গ্ৰাহকসকলক উচ্চ মানদণ্ডৰ উদ্ভাৱনীমূলক আৰু নিৰ্ভৰযোগ্য দুচকীয়া বাহন প্ৰদান কৰাৰ বাবে এইচএমএছআইৰ প্ৰতিশ্ৰুতিৰ ওপৰত অধিক দায়বদ্ধ কৰি তুলিছে। বিশ্বস্ত ব্ৰেণ্ড হিচাপে এইচএমএছআই নিজৰ প্ৰদৰ্শন, ষ্টাইল আৰু বহনক্ষমতাৰ বাবে জনপ্ৰিয় আৰু এনে বিভিন্ন খণ্ডত বিবিধ সামগ্ৰী সকলো অঞ্চলতে আগবঢ়াই আহিছে, যাৰ বাবে পূব ভাৰতৰ গ্ৰাহকসকলৰ অনন্য প্ৰয়োজনীয়তা পূৰণ কৰি কেৱল উত্তৰ-পূৰ্বাঞ্চলত ১.০৩ মিলিয়নৰো অধিক দুচকীয়া বাহন বিক্ৰী কৰিবলৈ সক্ষম হৈছে।

হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন বিভাগৰ সঞ্চালক যোগেশ মাথুৰে এই বিষয়ে কয় যে, “প্ৰতিনিয়ত উদ্ভাৱন, গ্ৰাহককেন্দ্ৰিক পদক্ষেপ আৰু উৎকৃষ্টতাৰ অদম্য সাধনাৰ জৰিয়তে এইচএমএছআইয়ে পূব ভাৰতত গ্ৰাহকৰ আশাক অতিক্ৰম কৰি দুচকীয়া বাহন উদ্যোগৰ সমৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”