সাজু হিমন্ত বিশ্ব শৰ্মাৰ টীম

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই ১২ জনীয়া মন্ত্ৰীসভাই আজি দিনৰ ১২-৪৫ বজাত জ্যোতি- বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজন কৰা শপতগ্ৰহণ অনুষ্ঠানত লয় শপত। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আটাইকেইগৰাকী নৱ-নিযুক্ত মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱায়।

আজি শপত লোৱা অসম মন্ত্ৰীসভাৰ ১২ গৰাকী মন্ত্ৰী হৈছে- ডা০ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰীকা, অশোক সিংহল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্তমল্ল বৰুৱা, কৌশিক ৰায়, বিমল বৰা, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্ত ৷ ইয়াৰে কেশৱ মহন্ত একমাত্ৰ অসম গণ পৰিষদৰ বিধায়ক। বাকী আটাইকেইজন বিজেপিৰ বিধায়ক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *