পাকিস্তানত বেংক একাউণ্ট আছে গৌৰৱ গগৈৰ! বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ পৰিয়ালৰ সদস্যৰ পাকিস্তানত সক্ৰিয় বেংক একাউণ্ট থকা বুলি বৃহস্পতিবাৰে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই অভিযোগৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ সাংসদজনক ৰাজহুৱা স্পষ্টীকৰণ দিবলৈ আহ্বান জনায়। গুৱাহাটীত সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “আজি মই কেৱল এটা ইংগিতহে দিছোঁ। তেওঁৰ পৰিয়ালৰ পাকিস্তানত এতিয়াও এটা সক্ৰিয় বেংক একাউণ্ট আছে।”

মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো তথ্যচিত্ৰ প্ৰমাণ দাঙি নধৰাকৈ কয় যে যাৰ বেংক একাউণ্ট পাকিস্তানত চলি আছে, তেনে ব্যক্তি দেশৰ বাবে কিমান বিপদজনক হ’ব পাৰে সেয়া বুজিবলৈ বাকী নাই। তেওঁ লগতে কয়, “মই ইমান ডাঙৰ কথা কোৱাৰ পাছতো গগৈ বা তেওঁৰ পৰিয়ালে মোৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰিবলৈ সাহস কৰা নাছিল।” শৰ্মাই দাবী কৰে যে তেওঁৰ বিৰুদ্ধে বদনাম কৰাৰ বাবে তেওঁ নিজেই অহা ৯ ফেব্ৰুৱাৰীত গোচৰ ৰুজু কৰিব।

নিজা স্থিতি অধিক কঠোৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে আজিৰ এই বক্তব্য কেৱল আৰম্ভণিহে আৰু অহা ৮ ফেব্ৰুৱাৰীত তেওঁ এই সন্দৰ্ভত সকলো তথ্য ফাদিল কৰিব। তেওঁৰ মতে, “গৌৰৱ গগৈৰ পৰিয়ালৰ পাকিস্তানত বেংক একাউণ্ট থকাটো এক সৰু ইংগিতহে। ৮ ফেব্ৰুৱাৰীত মই বাকীখিনি উদঙাই দিম।” মুখ্যমন্ত্ৰীৰ এই গুৰুতৰ অভিযোগৰ সন্দৰ্ভত গৌৰৱ গগৈ বা কংগ্ৰেছ দলৰ ফালৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। আগন্তুক দিনত এই বিষয়টোৱে ৰাজ্যিক ৰাজনীতিত অধিক সংঘাত আৰু আইনী জটিলতাৰ সৃষ্টি কৰিব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *