ভাৰতৰ শুভাংশু শুক্লাসহ চাৰি মহাকাশচাৰীৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা আৰম্ভ

ভাৰতৰ শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীক কঢ়িয়াই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ লৈ যোৱা এক্সিয়াম-৪ মিছন আজি ভাৰতৰ সময় অনুসৰি দুপৰীয়া প্ৰায় ১২ বজাত উৎক্ষেপণ হয়। ইয়াৰ পূৰ্বেও কাৰিকৰী ত্ৰুটি আৰু অন্যান্য সমস্যাৰ বাবে এই অভিযান কেইবাবাৰো পিছুৱাই দিয়া হৈছিল।

এক্সিয়াম-৪ মিছন হৈছে বাণিজ্যিক মহাকাশ উৰণ। হিউষ্টনৰ কোম্পানী এক্সিয়াম স্পেছে এই মিছন চলাই আছে। নাছাৰ মতে, শুভাংশু শুক্লাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱাসকলৰ ভিতৰত আছে পোলেণ্ডৰ স্লাভোজ আজনানস্কি উইছনিউস্কি, হাংগেৰীৰ টিবৰ কাপু আৰু আমেৰিকাৰ পেগী হুইটছন।

দুসপ্তাহ তাতেই থাকিব মহাকাশচাৰীসকল। ইয়াৰ আগতে ৰাকেশ শৰ্মা আছিল ১৯৮৪ চনত ৰাছিয়াৰ মিছনৰ অধীনত মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয়।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *