নিৰ্বাচনী উদ্ভাৱন : নিৰ্বাচন আয়োগৰ সহযোগত ৰেপিডোৱে ভোটাৰৰ বাবে আগবঢ়াইছে বিনামূলীয়া বাইক ৰাইডৰ ব্যৱস্থা

ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাক সুদৃঢ় কৰাৰ দৃঢ় প্ৰতিশ্ৰুতিৰে ভাৰতৰ আগশাৰীৰ যাতায়ত এপ ৰেপিডোৱে “দায়িত্বৰ যাত্ৰা” পদক্ষেপ আৰম্ভ কৰি ৰাষ্ট্ৰীয় কৰ্তব্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সহযোগত ৰেপিডোৱে লোকসভা নিৰ্বাচনৰ সময়ত নাগৰিক সংযোগৰ চেম্পিয়ন হোৱাৰ দিশে আগবাঢ়িছে। এই ঐতিহাসিক প্ৰচেষ্টাৰ অংশ হিচাপে ৰেপিডোৱে যোৰহাট আৰু গুৱাহাটীৰ দৰে ডাঙৰ চহৰক সামৰি সমগ্ৰ অসমৰ ভোটাৰক বিনামূলীয়াকৈ বাইক টেক্সি যাত্ৰা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।

নিৰ্বাচনৰ দিনা ভোটাৰসকলে ‘ভোট নাও’ কোড ব্যৱহাৰ কৰি ৰেপিডো এপত বিনামূলীয়াকৈ ৰাইডৰ সুবিধা ল’ব পাৰিব আৰু নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰিব পাৰিব। এই পদক্ষেপৰ লক্ষ্য হৈছে সাধাৰণ ৰাইজৰ ভোটাধিকাৰ সহজ কৰি তোলা আৰু অধিক অন্তৰ্ভুক্ত নিৰ্বাচনী প্ৰক্ৰিয়া নিশ্চিত কৰা। এই সংহত প্ৰচেষ্টা ৰেপিডোৰ দেশজোৰা প্ৰচাৰৰ সৈতে সংগতি ৰাখে, ভোটগ্ৰহণৰ দিনটোত বিনামূলীয়াকৈ যাত্ৰা প্ৰদান কৰিবলৈ ১০০খনতকৈও অধিক চহৰত ১০ লাখৰো অধিক কেপ্টেইন নিয়োগ কৰা হৈছে।

 ৰেপিডোৱে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে অংশীদাৰিত্বৰে মানুহৰ জীৱনলৈ এক অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ আৰু সকলোকে ভোট দান কৰি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ উৎসাহিত কৰাৰ প্ৰতিশ্ৰুতিৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। পিডোৰ সহ-প্ৰতিষ্ঠাপক পৱন গুণ্টুপল্লীয়ে এই বিষয়ে কয় যে, “। অসমত ৰেপিডো কেপ্টেইনসকল কেৱল চালকেই নহয়, এই চালকসকল হৈছে নাগৰিক ব্যস্ততাৰ সোপান যোগান ধৰাৰ একো একোজন অগ্ৰদূত, এনে সুবিধাৰ জৰিয়তে যাতে অধিক ভোটদান সক্ষম হ”ব পাৰে আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত অধিক প্ৰতিনিধিত্বমূলক নিৰ্বাচনী ব্যৱস্থাৰ প্ৰচাৰ-প্ৰসাৰৰ পদক্ষেপ লোৱা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *