দেশৰ বিচাৰ ব্যৱস্থাত দীৰ্ঘদিন ধৰি চলি অহা ৰায়দানৰ লেহেমীয়া গতিক এক পৰিচিত ব্যাধি বুলি অভিহিত কৰে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে উচ্চ ন্যায়ালয়সমূহৰ মাহৰ পিছত মাহ ধৰি ৰায়দান সংৰক্ষিত কৰি ৰখাৰ প্ৰৱণতাক তীব্ৰ সমালোচনা কৰি দেশৰ শীৰ্ষ আদালতে এই অনিয়ম সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰে। প্ৰধান ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে বিচাৰ প্ৰক্ৰিয়াত এনে শিথিলতাই আইনৰ মৰ্যাদা লাঘব কৰে।
ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে উল্লেখ কৰে যে যোৱা বৰ্ষৰ ৪ ডিচেম্বৰতে এখন আবেদন খাৰিজ কৰি মৌখিকভাৱে ৰায় দিয়া হৈছিল যদিও আজি পৰ্যন্ত সেই ৰায়ৰ কপি আপলোড কৰা হোৱা নাই। এই ঘটনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি বিচাৰপীঠখনে অহা সপ্তাহৰ ভিতৰত সম্পূৰ্ণ ৰায়দানৰ কপি অধিবক্তাক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰধান ন্যায়াধীশগৰাকীয়ে কয়, “এয়া এক চিনাক্ত কৰিব পৰা ব্যাধি। ইয়াক চিকিৎসা কৰি নির্মূল কৰিব লাগিব, যাতে ই অধিক বিয়পিব নোৱাৰে।”
আবেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়েও বিষয়টোৰ গুৰুত্ব আৰোপ কৰি কয় যে “এনে বিলম্বই আইনৰ মৰ্যাদাৰ সৈতে খেলা কৰাৰ দৰে হৈছে।” ইফালে, আদালতে এই সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে আৰু ফেব্ৰুৱাৰী মাহৰ মাজভাগত গোচৰটোৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। উল্লেখ্য যে ইয়াৰ পূৰ্বেও আদালতে উচ্চ ন্যায়ালয়সমূহক সংৰক্ষিত ৰায়দানৰ সঠিক সময়সীমাৰ ৰিপোৰ্ট দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।
