মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কু অঞ্চলৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা এতিয়া ২৫ গৰাকীলৈ বৃদ্ধি পাইছে। কালি খনিৰ ভিতৰৰ পৰা উদ্ধাৰকাৰী দলে আন ৪টা মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আন তিনিগৰাকী গুৰুতৰভাৱে আহত শ্ৰমিকৰ মৃত্যু হোৱাৰ পাছতে এই মৰ্মান্তিক ঘটনাই অধিক ভয়াৱহ ৰূপ লৈছে। আৰক্ষীৰ তথ্য অনুসৰি, শ্বিলঙৰ নেগ্ৰিমছত এজন আৰু খলেহ্ৰীয়াট তথা জোঁৱাইৰ অসামৰিক চিকিৎসালয়ত দুগৰাকীকৈ শ্ৰমিকে শেষ নিশ্বাস ত্যাগ কৰে।
মৃতদেহসমূহৰ ভিতৰত ইতিমধ্যে ১৭ গৰাকীক চিনাক্ত কৰি আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালক গতাই দিয়া হৈছে। ইফালে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ফৰ্মে চিৰমাং আৰু চামেহী ৱাৰ নামৰ দুগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। খলেহ্ৰীয়াট আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১৪/২০২৬ নম্বৰৰ গোচৰত অভিযুক্ত দুয়োকে আদালতত হাজিৰ কৰোৱাৰ পাছত ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।
উদ্ধাৰ অভিযান আৰু তদন্ত অব্যাহত থকাৰ মাজতে আৰক্ষীয়ে সদৰী কৰিছে যে এই অবৈধ খনন কাৰ্যৰ সৈতে জড়িত আন অভিযুক্তসকলক কৰায়ত্ত কৰিবলৈ তালাচী চলাই থকা হৈছে। বিৰূপ পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে খনিৰ ভিতৰত আন কোনো লোক আৱদ্ধ হৈ আছে নেকি সেই সন্দৰ্ভত অনুসন্ধান চলাই আছে। ভাৰতীয় ন্যায় সংহিতা আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীনত কঠোৰ ধাৰা জাপি দি এই সমগ্ৰ ঘটনাৰ আইনী প্ৰক্ৰিয়া দ্ৰুতগতিত আগবঢ়াই নিয়া হৈছে।
