ৱৰ্ল্ড বিয়েৰ এৱাৰ্ডছ ২০২৫ত বিশ্বজনীন স্বীকৃতি লাভ চিম্বাৰ

ভাৰততে প্ৰস্তুত বিয়েৰৰ অগ্ৰণী প্ৰতিষ্ঠান চিম্বাই বিশ্ব বিয়েৰ এৱাৰ্ড ২০২৫ত বিশ্বজনীন স্বীকৃতি অৰ্জন কৰিছে,যি হৈছে ব্ৰুইঙৰ উৎকৃষ্টতাক সন্মান জনোৱা সবাতোকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চসমূহৰ ভিতৰত অন্যতম। বিশ্বৰ কিছুমান উন্নতমানৰ বিয়েৰৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ চিম্বাই সগৌৰৱে ভাৰতলৈ দুটাকৈ আকৰ্ষণীয় স্বীকৃতি আনিবলৈ সক্ষম হৈছে – সোৱাদ শ্ৰেণী: ৰূপ: চিম্বা উইট (ঘেঁহুৰ বিয়েৰ: বেলজিয়াম ষ্টাইল উইটবিয়েৰ), ব্ৰঞ্জ: চিম্বা ষ্টাউট (ষ্টাউট এণ্ড পৰ্টাৰ: ষ্টাউট—ড্ৰাই এণ্ড আইৰিছসহ)।

ব্ৰুয়াৰ, লেখক আৰু উদ্যোগ বিশেষজ্ঞৰ বিশেষজ্ঞ পেনেলে ব্লাইণ্ড টেষ্টিঙৰ জৰিয়তে বিচাৰ কৰা বিশ্ব বিয়েৰ বঁটা আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃতিপ্ৰাপ্ত ষ্টাইলৰ ভিতৰত সৰ্বোত্তম বিয়েৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে প্ৰখ্যাত। এই স্বীকৃতিয়ে চিম্বাক বিশ্বজুৰি আটাইতকৈ বিখ্যাত ব্ৰুৱেৰীসমূহৰ সৈতে স্থান প্ৰদান কৰিলে, যিয়ে ব্ৰুইং উৎকৃষ্টতা আৰু উদ্ভাৱনৰ প্ৰতি নিজৰ দায়বদ্ধতাক সুদৃঢ় কৰিলে।

চিম্বা বিয়েৰৰ সহ-প্ৰতিষ্ঠাপক আৰু চিঅঅ’ ঈশ্বৰাজ সিং ভাটিয়াই এই সাফল্যৰ বিষয়ে সদৰি কৰি কয় যে,” এনে এক বৈশ্বিক মঞ্চত চিম্বাৰ সফলতা  দেখি আমি অতিশয় আনন্দিত।  আৰম্ভণিৰে পৰাই আমাৰ দৃষ্টিভংগী হৈছে ভাৰতত প্ৰস্তুত বিয়েৰক বিশ্বৰ মানচিত্ৰত স্থান প্ৰদান কৰা আৰু এই বঁটা আমাৰ দলৰ আবেগ, উদ্ভাৱন আৰু মানদণ্ডৰ প্ৰতি সমৰ্পণৰ এক প্ৰকৃত প্ৰতিফলন।”  চিম্বা হৈছে উচ্চ মানদণ্ডৰ কাৰুশিল্প, প্ৰামাণ্যতা আৰু উদ্ভাৱনৰ জৰিয়তে প্ৰিমিয়াম গ্ৰাহকৰ অভিজ্ঞতাক পুনৰ্নিৰ্ধাৰণ কৰা এক দূৰদৰ্শী সামূহিক ছল্টবৰ্ণৰ অংশ।  চিম্বা বিয়েৰ আৰু জিগজেগ ভডকা সন্নিৱিষ্ট পর্টফোলিঅ’ৰ সৈতে চল্টবৰ্নে আধুনিক জীৱনশৈলীৰ ব্ৰেণ্ডৰ সীমা অতিক্ৰম কৰাৰ লগতে মৌলিকতা আৰু উৎকৃষ্টতাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *