অনাগত নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ লক্ষ্যৰে সংখ্যালঘু অধ্যূষিত অঞ্চলত ৰাইজৰ দলৰ তৰফৰ পৰা আৰম্ভ কৰা হৈছে এক ব্যাপক নিৰ্বাচনী তৎপৰতা। বুধবাৰে জুৰীয়া দ-গাঁৱত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপি আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজায়।
বিধায়কগৰাকীয়ে মন্তব্য কৰে যে এইবাৰ নিৰ্বাচনত এআইইউডিএফৰ আমিনুল ইছলামক ভোট দিয়া মানে পৰোক্ষভাৱে বিজেপিকহে সহায় কৰা। তেওঁৰ মতে, বিজেপি আৰু এআইইউডিএফ দুয়োটা দলেই সাম্প্ৰদায়িক আৰু আমিনুল ইছলামৰ দৰে নেতাৰ বাবেই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ অধিক শক্তিশালী হৈছে। সংখ্যালঘু ভোটাৰৰ ভোট নষ্ট কৰি এআইইউডিএফে বিজেপিক লাভান্বিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।
আনহাতে, সমষ্টি মিত্ৰতাৰ প্ৰসংগত গগৈয়ে স্পষ্ট কৰি দিয়ে যে প্ৰয়োজনত ৰূপহীহাট সমষ্টি এৰি দিলেও ধিং বিধানসভা সমষ্টিক লৈ দলটোৱে কোনো আপোচ নকৰে। যোৱাবাৰ অকলে যুঁজিও ধিঙত দ্বিতীয় স্থান লাভ কৰা বুলি সোঁৱৰাই দি তেওঁ এইবাৰ ধিঙত ৰাইজৰ দলৰ স্থিতি অধিক শক্তিশালী বুলি দাবী কৰে।
কংগ্ৰেছৰ সৈতে সম্পৰ্কৰ কথা উল্লেখ কৰি অখিল গগৈয়ে কয় যে সংখ্যালঘু এলেকাত ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত ভাতৃৰ দৰে সামান্য মতানৈক্য থাকিলেও সামগ্ৰিকভাৱে তেওঁ কংগ্ৰেছৰ হৈয়ে কাম কৰিব। ২০২৬ চনৰ নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ ‘ষ্টাৰ কেম্পেইনাৰ’ তথা ‘ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে অৱতীৰ্ণ হৈ বিজেপি বিৰোধী যুঁজখনক নেতৃত্ব দিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
