হাতীৰ সৈতে সহাৱস্থান : মেঘালয় বন বিভাগ-আৰণ্যকৰ উদ্যোগত বি এছ এফৰ বিষয়া – জোৱানৰ মাজত সজাগতা সৃষ্টি

মেঘালয়ৰ বান বিভাগে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক সহযোগত ৰাজ্যখনৰ গাৰো পাহাৰ অঞ্চলৰ ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ জোৱানসকলৰ বাবে এছিয়ান হাতী সম্পৰ্কীয় সজাগতা সৃষ্টিৰ এটা কাৰ্যসূচী অনুষ্ঠিত কৰে। ভাৰত – বাংলাদেশৰ সীমান্তৰ এই অঞ্চলত পহৰাত নিয়োজিত বি এছ এফৰ জোৱানসকলে সঘনাই এই বৃহাদাকাৰ প্ৰানীবিধৰ (এছিয়ান হাতী) সন্মুখীন হয় ।  অঞ্চলটোত কেতিয়াবা হাতী আৰু মানুহৰ সংঘাতৰ ঘটনাও ঘটে ।

সীমান্ত সুৰক্ষা বাহিনীয়ে এছিয়ান হাতীৰ আচৰণ আৰু সহাৱস্থানৰ সম্ভাৱ্য ব্যৱস্থা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে মেঘালয়ৰ বন বিভাগক আমন্ত্ৰণ জনাইছিল। আৰণ্যকৰ এটা সমল গোটৰ সহায়ত মেঘালয়ৰ দক্ষিণ গাৰো পাহাৰৰ মহাদেউস্থিত বি এছ এফৰ ১ম বেটেলিয়নত ১৬ ফেব্ৰুৱাৰীত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰণ্যকৰ বিষয়া অভিজিৎ বৰুৱাই ‘এনকাউন্টাৰিং দ্যা জায়েণ্টছ : আন্দাৰষ্টেণ্ডিং এলিফেণ্ট বিহেভিয়াৰছ’শীৰ্ষক আৰু আন এগৰাকী বিষয়া অনুষ্কা শইকীয়াই ‘মানৱ-হাতী সংঘাতৰ পৰা সহাৱস্থানলৈ’শীৰ্ষক বক্তৃতা প্ৰদান কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *